আজি কবিতাৰ দিন…

মৃদুল কুমাৰ সন্দিকৈ
উভতি আহিছে তেওঁ। কিমান যে ভাল লগা ক্ষণ এয়া। বহুদিনৰ পাছত ৰাজহুৱা জীৱনত ভুমুকি মাৰিব তেওঁ আজি। অপেক্ষা আছিল এই সময়লৈ। মামণি ৰয়চম গোস্বামীয়ে কৈ যোৱা কথাই ফলিয়াইছিল। তাৰ পাছত আনুষ্ঠানিকতা বাকী আছিল।
তেওঁ মানেই কবিতা। এক বিশাল ব্যক্তিত্ব সত্ত্বা। মনত দুৰ্বাৰ হেপাঁহ। উচুপি উঠে তেওঁ সৰু ল’ৰাৰ দৰে। ফেকুঁৰী কান্দে মনত দুখ পালে। কবিতাৰ পৃথিৱীত তেওঁৰ দীঘলীয়া যাত্ৰা। শূণ্যতাৰ হাতৰ পৰা সৰি পৰা নিশব্দ শব্দবোৰত বুৰ গ’লে বিচাৰি পোৱা যায় এখন অনন্য পৃথিৱী। ধোৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে তেওঁ নামে শূণ্যতাত কবিতা লিখিবলৈ।
‘আৰু কি নৈশব্দ’ এয়া তেওঁৰ কবিতাৰ ভাষা, বুকুৰ আশা। মৈঠুন সংগীতত তেওঁ বিচাৰি ফুৰে এপাঁহ ৰঙা গোলাপ। তেওঁ দিঠকত গৰজি উঠা মেঘে আন্ধাৰৰ কথা কোৱা নাই কোনোদিন। এটা তৰাৰ দৰে তেওঁ জিলিকি ৰৈছে। নীলা নীলা সিৰবোৰলৈ তেওঁ মনত পৰে, কিয়নো কাৰোবাৰ ৰিহাৰ ৰঙা আঁচলত উজ্বলি উঠা সেই কবিতাই গোলাপী জামু লগ্নক আদৰি আনিছিল।
তিতা ফুল হৈ তেওঁ বিচনাখনত ফুলি থকা কাৰোবাক বিচাৰে। পৰ্বতৰ নামনিত হেনো তিতাঁ ফুল হৈ হালি-জালি ফুলি আছিল তেওঁ। পানীপিয়া চৰাই হেনো তেওঁৰ বৰ প্ৰিয়। থমকি ৰয় তেওঁ বাটৰ মূৰত শাৰী শাৰী চেগুন গছ দেখিলে। আবেলি কোনোবা ঘাটত তেওঁ দেখা পায় কবিতা।
ৰাতিটো তেওঁৰ বাবে এটা হ্ৰদ। যৰ পানীত ফুলাৰ ফুলৰ পাহিৰ কপঁনিত জোৰে বসন্তই বিননি। সেই চায়া ভৰা গভীৰতাৰে এক সত্তা হৈ কাহানিও কাৰো অহিত চিন্তা নকৰাকৈ শব্দৰ হাতেৰে যাদু কৰা কবি তেওঁ। তেওঁ মৰি অহা আঙুলি এটাৰে বৈ যায় জুৰি। জ্বলি থকা হৃদয়ত কেৱল কবিতাৰ পৰিভ্ৰমী চৰাই। বতাহৰ শূণ্যতাত ভাঁহি অহা নিশাৰ উমুক্ত বাহীঁৰ সুৰে তেওঁক প্ৰাচীন কৰি তোলে।
সেই প্ৰাচীনতা জী উঠা ৰাতিপুৱাবোৰে তেওঁক বিচাৰি ফুৰে। তেওঁ নাজানে তেওঁ গৈ আছে নে, ৰৈ আছে। বৰষুণত তিতে তেওঁ, পাতল আন্ধাৰ পোহৰত একাকাৰ হৈ পৰে। শত-সহস্ৰজনক সাৱটি ধৰি সেউজীয়া হৈ পৰা উশাহটোৱে তেওঁক তুলি ধৰে। তেওঁৰ গোটেই গাতে হেনো ঢেকীয়া গজে। আজাৰৰ দুখে তেওঁৰ বুকু বিন্ধে। মাজৰাতি তেওঁ উজাগৰে থাকিব খোজে, কিন্তু সময়ে নিদিয়ে।
উজাগৰী দুচকুত তেওঁ আকিঁ লয় কাৰোবাৰ ছবি। সেই ছবিৰ নামো কবিতা। তেওঁ ভাৱে, খুলি থব কবিতাৰ দুৱাৰ, সোমাই আহিব গৌৰীনাথ। সজাই ল’ব যতনাই দিয়া সাতপুৰুষীয়া চকুপানী। পানী হিলৈ ফুটাদি তেওঁৰ শব্দ ফুটে বুকুত কেতিয়াবা শুকাই ৰাতিৰ নিশ্বাস। উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সম্ভাৱনাৰ বাট খুলি থয়।
হাড় কপোঁৱা জোনাকত তেওঁ উচুপি উচুপি গায় কবিতা। বিচাৰি পায় প্ৰভাতী পখীৰ গান। আৱহমান প্ৰশান্তিত ৰাগিনীৰ দুৱাৰে দুৱাৰে নিসংগ ব্যাকুলতা। তেওঁৰ কবিতাৰে সকলো কয়। অসমীয়া সাহিত্যৰ বাবেই তেওঁ এক সত্ত্বা। তেওঁ ভুলতে হ’লেও বিচনাখনত বিচাৰে তেওঁক। পৰ্বতৰ নামনিত তিলফুল হৈ ফুলি থকা তেওঁলৈকো তেওঁৰ ক’ত হেপাহঁ।
১৯৩৩চনৰ ১০ ছেপ্তেম্বৰত দেৰগাঁৱত জন্ম হৈছিল এই কবি। তাৰ পাছত নিৰলস কবিতাৰ সাধনা। কবিতাক বিশ্বজনীন কৰি তুলি ধৰি এক আংগিক চেতনাবোধেৰে চিত্ৰায়ন কৰা সেই শব্দবোৰ এতিয়া আমাৰ সকলোৰে প্ৰিয়। প্ৰচুৰ ৰসবোধেৰে জীৱনৰ বাবে নিজস্ব ভাৱনাৰে এক পথ তৈয়াৰ কৰি তেওঁ থিয় আছে বটবৃক্ষ ৰূপত।
আজি সেই কবিৰে দিন। আজি তেওঁৰ কবিতাৰ দিন। স্বীকৃতিৰ উৰ্ধত তেওঁ। কথাবোৰ এতিয়া তেওঁ বুজে নে নুবুজে, সেয়া কোনেও নুবুজে। তথাপিও আহিছিল ভাল খবৰ। তৃতীয় বাৰৰ বাবে অসমীয়া সাহিত্যলৈ দেশৰ সৰ্বোচ্ছ সন্মান জ্ঞানপীঠ আগবঢ়োৱা হৈছিল।
তেওঁৰ মনত কি ভাৱৰ উদয় হৈছে সেয়া কোনেও নাজানে। শান্ত-সৈম্য, ঋষিতুল্য মানুহজনে বহু কথা পাহৰিছে। এতিয়া তেওঁৰ চৌদিশে কেৱল কবিতা আৰু অনুৰাগী। মানুহক সংগ দি ভালপোৱা সেই কবিক জ্ঞানপীঠ দিবলৈকে পৰম্পৰা ভংগ কৰি হলেও গুৱাহাটীতে পাতিছে বটা প্ৰদান অনুষ্ঠান।
আকৌ তেওঁ উভতি আহিছে। মানুহে তেওঁক বহুদিনৰ মূৰত ৰাজহুৱা স্থানত এই ভাললগা ক্ষণত দেখা পাব। ইয়াতকৈ আৰু প্ৰাপ্তি কি লাগে্।আজি দিনটোৱেই যেন কবিতা কবিতা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/K6AX8Hv
via IFTTT
Comments
Post a Comment