চৰাইদেউ মথুৰাপুৰত গৰু বিহু উদযাপন,উখল-মাখল পৰিবেশ…

ডিজিটেল সংবাদ,চৰাইদেউঃ আজি গৰু বিহু। চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাই পুৱাৰ পৰাই অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটো আৰম্ভ হয়। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত অসমীয়া জাতিয়ে পালন কৰা গৰু বিহুৰ দিনা পুৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ প্ৰতিঘৰ গৃহস্থই কৃষ্টি সংস্কৃতিৰ অংশ নিজৰ পোহনীয়া গৰুক নোৱাই ধুৱাই উদযাপন কৰিছে গৰু বিহু।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো গৃহস্থই কাহিলি পুৱাতে উঠি গো- ধনৰ শ্ৰীবৃদ্ধি কামনাৰে মাহ হালধিৰে নোৱাই- ধুৱাই গৰু বিহু পালনেৰে আনন্দত মতলীয়া হৈ পৰিছে ।পৰম্পৰা ৰক্ষা কৰি লাও ,বেঙেনা,কেৰেলা, থেকেৰা,হালধি আদি বাঁহৰ গাঁথি লৈ দীঘলতী মাখিয়তীৰে গৰু পিঠিত লাহেকৈ কোবাই গালৈ পানী চতিয়াই লাও-বেঙেনা মৰি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰে গৃহস্থই।

জ্যেষ্ঠ- কনিষ্ঠ সকলো একগোট হৈ পৰম্পৰা ৰখা কৰি কণী যুঁজত অংশ গ্ৰহন কৰা, আমলৰি পৰুৱা,এশ এবিধ শাক বিচৰা কে ধৰি গৰু বিহু পৰম্পৰাখিনি সম্পাদন কৰাৰ দেখা যায় ৷ ইফালে বতৰৰে বিধিপথালি দিয়া বিহুৰ আনন্দত কিছু ম্লান পৰা পৰিলক্ষিত হৈছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/l6xLEhQ
via IFTTT

Comments