আজি গৰু বিহু…

ডিজিটেল ডেস্ক :  ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’। আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ খিৰতী গাই জনী, হালৰ গৰুহাল, দামুৰীটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে।

অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটিক পালন কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ এনাজৰীডাল। নৈৰ ঘাটত কেইবাখন গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক পৰিৱেশৰ। ঢোলৰ ছেও, পেঁপাৰ মাতত নৈৰ ঘাটত নামি আহে ব’হাগৰ পূৰ্ণ সজীৱতা।

গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়।

প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lHeyFaA
via IFTTT

Comments