ৰপ’ৱেত ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১০গৰাকী…VIDEO

ডিজিটেল ডেস্কঃ ৰপৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ১০গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ঝাৰখণ্ডৰ দেৱঘৰত ত্ৰিকুট পাহাৰত থকা ৰপৱেত সংঘটিত হোৱা এই ঘটনাত আহত সকলোকে প্ৰেৰণ কৰা হৈছে হস্পাতাললৈ। ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰশাসনে উক্ত ৰপৱেৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীক তদন্তৰ আওতালৈ আনিছে।
কাৰিকৰী বিজুতিৰ বাবেই দুটা ৰপৱেৰ বক্স খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হবলৈ পালে বুলি সদৰি কৰিছে বিষয়াসকলে। এই দুৰ্ঘটনাত আহত হোৱা এগৰাকী স্বামী-স্ত্ৰীৰ অৱস্থা অতিকৈ গুৰুতৰ বুলি জানিব পৰা গৈছে।
চাওঁক সেই ভিডিঅটো-
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Z7pERcl
via IFTTT
Comments
Post a Comment