৩ মে’ৰ ভিতৰত মছজিদৰ পৰা আঁতৰাওক লাউডস্পীকাৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰেয়ে মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰাবলৈ দাবী জনাই এটা নতুন সময়সীমা জাৰি কৰিছে। ৰাজ ঠাকৰেয়ে মঙলবাৰে থানেত এখন বৈঠকত অংশগ্ৰহণ কৰি মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ দাবী পুনৰবাৰ দোহাৰে।
তেওঁ কয় যে, মই ৰাজ্য চৰকাৰক স্পষ্টকৈ ক’ব বিচাৰো, মই এই বিষয়টোৰ পৰা পিছুৱাব নোৱাৰিম। আপোনালোকে যি কৰিব লাগিব সেয়া কৰক।” ৰাজ ঠাকৰেয়ে ইয়াৰ পূৰ্বে লাউডস্পীকাৰ আঁতৰোৱাৰ দাবী তুলি কৈছিল যে, কোনটো ধৰ্ম আছে যিয়ে আন এটা ধৰ্মক আঘাত কৰে। তেওঁ কৈছে যে, উচ্চতম ন্যায়ালয়ে কৈছিল যে মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰ কৰিব লাগে। কিন্তু মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰোৱা দেখা নাযায়?
উল্লেখ্য যে ৰাজ ঠাকৰেয়ে ৰাজ্য চৰকাৰক এক আল্টিমেটাম দিছিল যে যদি ৩ মে’ৰ ভিতৰত মছজিদৰ লাউডস্পীকাৰ আঁতৰোৱা নহয়, তেন্তে সমগ্ৰ দেশৰ মছজিদৰ সন্মুখত হনুমান চলিচা বজোৱা হ’ব। তেওঁ ৰাজ্য চৰকাৰৰ গৃহ বিভাগক উদ্দেশ্য কৰি কৈছে, আমি সংঘাত কৰা উচিত নহয়। ৩ মে’ৰ ভিতৰত সকলো মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰাওক। আমাৰ ফালৰ পৰা কোনো সমস্যা নহ’ব।
ৰাজ ঠাকৰেয়ে প্ৰধানমন্ত্ৰী মোডীক দেশত উমৈহতীয়া নাগৰিক সংহিতা কাৰ্যকৰী কৰিবলৈ আৰু লগতে এই দেশত জনসংখ্যা নিয়ন্ত্ৰণ আইন কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা দাবী কৰিছে। থানে ৰেলীত ৰাজ ঠাকৰেয়ে শাৰদ পাৱাৰকো তীব্ৰ সমালোচনা কৰে। তেওঁ কৈছেল যে শাৰদ পাৱাৰে কৈছে যে মই মোৰ ভূমিকা সলনি কৰিছো। তেওঁ মোক কওঁক মই কেতিয়া মোৰ ভূমিকা সলনি কৰিছিলো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/N1yqBUg
via IFTTT
Comments
Post a Comment