আম আদমী পাৰ্টীলৈ যাব নেকি কংগ্ৰেছ নেতা ৰিপুন বৰা?

ডিজিটেল ডেস্ক: অসমৰ ৰাজনীতিৰ বাবে এক ডাঙৰ খবৰ। কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে। ফেচবুকৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে নেতা গৰাকীয়ে।

দুলু আহমেদে লিখে যে ”অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসমৰ জনপ্ৰিয় এই গৰাকী নেতাই অতি সোনকালে আম আদমী পাৰ্টিত যোগদান কৰাৰ উদ্দেশ্যে আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বক মালিগাঁওৰ সঞ্জীবিনি হস্পিতালত লগ কৰাৰ ভিডিও মোৰ তাত আহি পৰিছে।উদ্দেশ্য কেৱল এটাই,যেনেতেনে অন্য ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’ব লাগে”।

আহমেদে দাবী কৰা অনুসৰি ১১ এপ্ৰিলত আপৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে কংগ্ৰেছ নেতা গৰাকী। যাৰ প্ৰমাণ স্বৰূপ তেওঁৰ ওপৰত ভিডিঅ’ আছে।

অৱশ্যে এই অভিযোগৰ ওপৰত এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই কংগ্ৰেছ নেতা গৰাকীয়ে। গতিকে পৰৱৰ্তী সময়তহে ইয়াৰ সত্যাসত্য প্ৰমাণ হ’ব।

আৰু পঢ়ক:



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TgbWsO3
via IFTTT

Comments