মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানঃ অসম-বিহাৰৰ ড্ৰাগছ সৰবৰাহকাৰী আটক…

  • নিশা মহানগৰীৰ কেইবাটাও স্থানত গড়চুক আৰক্ষীৰ অভিযান।
  • মহানগৰীৰ সাউকুছি, দাতলপাৰা, কটাহবাৰীত অভিযান আৰক্ষীৰ।
  • এই অভইযানত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ।
  • আৰক্ষীয়ে অভিযানৰ সময়ত আটক কৰিছে তিনি সৰবৰাহকাৰীক ।
  • গ্ৰেপ্তাৰ হোৱা তিনি সৰবৰাহকাৰীৰ নাম ৰহুল খাৰাও, ৰিতিক সিং আৰু জিতুমণি কলিতা।
  • ইয়াৰে ৰহুল খাৰাওৰ ঘৰ বিহাৰত।
  • আনহাতে ৰিতিকৰ ঘৰ সাউকুছিত আৰু জিতুমণি কলিতাৰ ঘৰ ৰঙিয়াত।
  • অভিযানত জব্দ ১০ পেকেট নিষিদ্ধ হেৰোইন।
  • ইয়াৰ উপৰিও জব্দ ২০ পেকেট খালী কণ্টেইনাৰ।
  • জব্দকৃত হেৰোইনখিনিৰ আনুমানিক বজাৰ মূল্য ২০ লাখতকৈ অধিক।
  • জব্দ হোৱা ড্ৰাগচৰ ওজন ১৩২ গ্ৰাম ।
  • নগদ ধনো জব্দ কৰে আৰক্ষীয়ে ।
  • মহানগৰীৰ ভাড়াঘৰত বাহৰ পাতি চলাই গৈছে এই ড্ৰাগছৰ বেহা।
  • আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো চলি আছিল এই বেহা।
  • আব্দুল নামৰ আন এজন সৰবৰাহকাৰীৰ আত্মোগোপন।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/K5VPJEZ
via IFTTT

Comments