আমিষ খাদ্যৰ বাবে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ২ ফৈদৰ মাজত সংঘৰ্ষ…

ডিজিটেল ডেস্ক: ৰাম নৱমীৰ সময়ত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কেণ্টিনত দেওবাৰে আমিষ খাদ্য দিয়াক লৈ ছাত্ৰ-ছাত্ৰীৰ দুটা গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঘটনাটো জেএনইউৰ কাবেৰী হোষ্টেলত প্ৰায় ৩.৩০ বজাত সংঘটিত হয়।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই (জেএনইউএছইউ) অভিযোগ উত্থাপন কৰি কয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য সকলে মেছ সচিবক আক্ৰমণ কৰি আমিষ খাদ্য দিয়াত বাধা দিছিল।
অন্যহাতে এবিভিপিয়ে দাবী কৰে যে বাওঁপন্থী সংগঠন সমূহৰ সদস্যসকলে তেওঁলোকক হোষ্টেলত পূজা অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰে। তাৰ পাছতেই দুয়ো পক্ষই ইজনে সিজনক শিল নিক্ষেপ কৰে যত দুয়ো পক্ষৰ ছাত্ৰ-ছাত্ৰী আহত হয়। খাদ্যক লৈ কাজিয়া হোৱা কথাটো মিছা।
এই ঘটনাৰ পাছতেই আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমান পৰিস্থিতি ঠিকেই আছে।
আৰু পঢ়ক: বটদ্ৰৱা আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XrIy1OF
via IFTTT
Comments
Post a Comment