জাতিক ধন্য কৰি আজি জ্ঞানপীঠ গ্ৰহণ কৰিব কাব্যঋষি নীলমণি ফুকনে…

ডিজিটেল ডেস্কঃ মাজত মাথোঁ কেইটামান ক্ষণ। আজি এক বিৰল ক্ষণৰ সাক্ষী হ’ব অসমীয়া জাতি। জাতিক ধন্য কৰি জ্ঞানপীঠ গ্ৰহণ কৰিব কাব্যঋষি নীলমণি ফুকনে। সোমবাৰে সন্ধিয়া ৰবীন্দ্ৰ ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত কাব্যঋষি নীলমণি ফুকনক প্ৰদান কৰা হব কাব্য সাহিত্যৰ শ্ৰেষ্ঠ বটাঁ জ্ঞানপীঠ।

ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কবিগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞানপীঠ বটাঁ নিৰ্বাচনী সমিতিয়ে দিল্লীৰ পৰিৱৰ্তে গুৱাহাটীতে তেওঁক বটাঁ প্ৰদানৰ বাবে এই অনুষ্ঠানৰ পোষকতা কৰিছিল। দিল্লীত যিহেতু এই বটাঁ ৰাষ্ট্ৰপতিৰ হাতেৰে প্ৰদান কৰা হয় গতিকে বিভিন্ন কথা চালি-জাৰি চাই ভাৰতীয় জ্ঞানপীঠে গুৱাহাটীতে এই অনুষ্ঠানৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে জ্ঞানপীঠৰ এনে বটাঁ বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব জ্ঞানপীঠ বটাঁ নিৰ্বাচনী সমিতিৰ অধ্যক্ষা ড০ প্ৰতিভা ৰয়ৰ লগতে সমিতিৰ আৰু দুগৰাকী সদস্য। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষা ড০ প্ৰতিভা ৰয়ৰ হাতেৰে প্ৰদান কৰা হব এই জ্ঞানপীঠ বটাঁ।

ওৰেটা জীৱন কবিতাৰে কথা কোৱা কাব্যঋষি নীলমণি ফুকনৰ বাবে আয়োজিত এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিব বহুসংখ্যক লোক। নিৰ্দিষ্ট সময়ত নীলমণি ফুকনৰ লগতে তেওঁৰ পৰিয়ালক ৰবীন্দ্ৰ ভৱনলৈ সসন্মানেৰে লৈ অনাৰো ব্যৱস্থা কৰিছে প্ৰশাসনে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qMDBP5k
via IFTTT

Comments