পুনৰ এজন আক্ৰান্ত হ’ল কোৰোনাৰ নতুন প্ৰকাৰ XI ত

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ নতুন XI প্ৰকাৰত আক্ৰান্ত দ্বিতীয়গৰাকীলোক মুম্বাইত চিনাক্ত হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যিগৰাকী লোকৰ দেহত এই নতুন প্ৰকাৰ চিনাক্ত হৈছে তেওঁ দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰিছিল। মুম্বাইত চিনাক্ত হোৱা এই নতুন প্ৰকাৰৰ কোভিডত আক্ৰান্ত ব্যক্তিগৰাকী ছাণ্টাক্ৰুজ অঞ্চলৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে গুজৰাটৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল XI প্ৰকাৰৰ উপস্থিতি। মুম্বাইৰ পৰা গুজৰাটলৈ যোৱা সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা অন্যান্য লোকসকলৰ দেহৰ পৰীক্ষা কৰা হৈছিল যদিও তেওঁলোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KdiGl6p
via IFTTT
Comments
Post a Comment