নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ৰঙালী বিহু আদৰণী উৎসৱ…

ডিজিটেল সংবাদ বেবেজীয়াঃ এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উচাহ। ঢোল-পেঁপা – গগণাৰ মাতে ৰজনজনাই উঠিছে গাঁও- চহৰ সকলোতে। চৌদিশে কেৱল ৰঙালীক আদৰাৰেই প্ৰস্তুতি। চহা অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটিক আদৰাৰ সময়খিনিতে আজি নগাঁও চহৰৰ পানীগাঁও শিৱনগৰস্থিত অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ উদ্যোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত ৰঙালী বিহু আদৰণী উৎসৱটি অনুষ্ঠিত কৰে।

নৱ প্ৰজন্মক বিহুৰ প্ৰকৃত উদ্দেশ্য আৰু ইয়াৰ মাদকতাখিনিক অনুভৱ তথা উপলদ্ধি কৰোৱাৰ বাবে প্ৰতিবছৰে নৱৰূপ জাতীয় বিদ্যাপীঠে আয়োজন কৰি আহিছে ৰঙালী বিহু আদৰণী উৎসৱ। কণকণ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক- অভিভাৱিকা সকলে মুকলিকৈ বিহু আদৰণী উৎসৱত মন ভৰাই হুঁচৰি গাই, বিহু নাচি আনন্দত মতলীয়া হৈ পৰে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WdUcDr5
via IFTTT

Comments