হেলিকেপ্টাৰ যাত্ৰা শুভ নহ’ল ৰঞ্জিত দাস-অতুল বৰাৰ | পুৱাৰে পৰা বোন্দাপৰ দি উভতিল 2 সভাপতি

File Pix
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ মাৰ্চ ঃ
শনিবাৰেই শনি লাগিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰাৰ। আজি পুৱাৰে পৰাই দিনটো সুখৰ নহ’ল অগপ আৰু বিজেপিৰ দুই ৰাজ্যিক সভাপতিৰ। আনকি দাতাই দিলেও বিধাতাই যেন মঞ্জুৰ নকৰিলে। পূজা-অৰ্চনা কৰি বহু আশাৰে হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভালৈ যোৱাৰ সপোন দেখিছিল যদিও এই দুই ৰাজনৈতিক নেতাই পুৱাই উজুটি খাবলগীয়া হয়। খানাপাৰাৰ খেলপথাৰত হেলিকপ্টাৰ সাজু হৈ থকাৰ পিছতো বিজেপি আৰু অগপৰ ৰাজ্যিক সভাপতিৰ কপালত নিমিলিল। হেলিকপ্টাৰ যাত্ৰাৰ মোহ এৰি অৱশেষত গাড়ীৰে সমষ্টিলৈ যাবলৈ বাধ্য হ’ল অগপৰ সভাপতি অতুল বৰা। আনকি অগপৰ সভাপতিগৰাকীয়ে হেলিকপ্টাৰৰ সৈতে ছেলফী লৈ সময় অতিবাহিত কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভালৈ যোৱাৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছিল।
খানাপাৰাৰ পৰা উৰিবলগীয়া হেলিকপ্টাৰেৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰাই মোদীৰ সভাত অংশ্ৰগ্ৰহণৰ কথা আছিল। পুৱা ৯ বজাৰ পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি আৰু অতুল বৰাই খানাপাৰা খেলপথাৰত উপস্থিত হয় যদিও বতৰ বেয়া হোৱাৰ বাবেই হেলিকপ্টাৰ চলাচলত ব্যাঘাত জন্মে। বতৰ ডাৱৰীয়া হোৱা হেতুকে হেলিকপ্টাৰ উৰণৰ পৰা বিৰত থাকে। বতৰ ফৰকাল হোৱালৈকে খানাপাৰা খেলপথাৰতেই ৰঞ্জিত দাস আৰু অতুল বৰাই ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰে যদিও নিয়তিৰ যেন বিপৰীত ইংগিত। শেষ মুহূৰ্তলৈকে বতৰ ফৰকাল নোহোৱা বাবেই অৱশেষত মোদীৰ সভালৈ যোৱাৰ আশা এৰি অতুল বৰাই খানাপাৰ পৰা পোনে পোনে নিজৰ বাহন উলিয়াই সমষ্টিলৈ ৰাওনা হয়। একেদৰে হেলিকপ্টাৰ যাত্ৰা সুখৰ নোহোৱাত ৰঞ্জিত দাসেও খানাপাৰা খেলপথাৰৰ পৰা নিজ বাসগৃহলৈ ৰাওনা হয়। যি কি নহওক আজি পুৱাৰ পৰাই যেন ৰঞ্জিত দাস আৰু অতুল বৰাৰ শনি লাগিল আৰু হেলিকপ্টাৰ যাত্ৰা সম্ভৱ নহ’ল। খানাপাৰা খেলপথাৰত হেলিকপ্টাৰ সাজু হৈ থকাৰ পিছতো শুদামুখে উভতি আহিবলগীয়া হ’ল বিজেপি-অগপৰ সভাপতি।
The post হেলিকেপ্টাৰ যাত্ৰা শুভ নহ’ল ৰঞ্জিত দাস-অতুল বৰাৰ | পুৱাৰে পৰা বোন্দাপৰ দি উভতিল 2 সভাপতি appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2FDYsqd
via IFTTT
Comments
Post a Comment