গণ বাৰ্তা, টিলাপাৰা, বিলাসীপাৰা,২৯ মাৰ্চ :
ধৰ্ষণ আৰু নিৰ্মম হত্যা কাণ্ডৰ দৰে জঘন্য ঘটনা এতিয়া দেশৰ বহু ঠাইৰ যেন এক নিয়মিত ঘটনা হৈ পৰিছে। তেনে এক জঘন্য ধৰ্ষণ আৰু হত্যা কাণ্ড সংঘটিত হৈছিল ধুবুৰী জিলাৰ বিলাসীপাৰাত। শুকুৰবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে ঘোষণা কৰে এক ঐতিহাসিক ৰায়দান।
৭ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্তক আদালতে ঘোষণা কৰে ফাঁচীৰ হুকুম। বিলাসীপাৰাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান। উল্লেখ্য যে যোৱা ২০১৮ চনৰ ২৯ এপ্ৰিলৰ দিনা নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পুৰনি লাউপাৰাত সংঘটিত হৈছিল এক জঘন্য ঘটনাৰ। বিলাসীপাৰা ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত লাউপাৰা গাঁৱৰ বাসিন্দা প্ৰদীপ নাথৰ ৭ বছৰীয়া কন্যা শিশু ভুমিকা নাথক গৌৰী শংকৰ নাথ ওৰফে বাংকা নামৰ ১৯ বছৰীয়া যুবক জনে প্ৰথমে অপহৰণ কৰিছিক আৰু তাৰ পিছত ধৰ্ষন কৰি হত্যা কৰিছিল। পিছত অৰ্থাৎ ৩০ এপ্ৰিলৰ দিনা গাঁও খনৰ জলাশয় এটাৰ পানীত শিশু কন্যা ভুমিকাৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে। পিছত ভুমিকাৰ পিতৃ প্ৰদীপ নাথে ৰাণীগঞ্জ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত কনমানি শিশু গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে সন্দেহ বশত গৌৰী শংকৰ নাথ ওৰফে বাংকাক আটক কৰি শোধপোচ আৰম্ভ কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে। গৌৰী শংকৰে প্ৰথমে শিশু গৰাকীক ফুচুলাই নিজৰ চাইকেলত তুলি লৈ নিয়ে তাৰ পিছতে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰি জলাশয়টোৰ পানীত পেলাই দিছিল। পৰবৰ্তী সময়ত শিশু কন্যাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সাপটগ্ৰাম আৰক্ষী থানাত ৪/২০১৮ নম্বৰত আৰু ৩০২/৩০৬ এ বি /৬ pocso act. /২০১ ধাৰাত গোচৰ ৰুজু কৰি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। আজি প্ৰায় এক বছৰ পিছত অভিযুক্ত গৌৰী শংকৰক বিলাসীপাৰাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিচাৰপীঠে ফাঁচিৰ ৰায়দান ঘোষণা কৰাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে গৌৰী শংকৰক। ন্যায়াধীশ গৰাকীয়ে আজি চিকিৎসকক ধৰি ফৰেনচিক আৰু ১৭ গৰাকী লোকৰ সাক্ষ্য গ্ৰহন কৰি এই ঐতিহাসিক ৰায়দান ঘোষণা কৰে। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এইটোৱেই প্ৰথম ফাঁচীৰ ৰায়দান বুলি জানিব পৰা গৈছে। সম্প্ৰতি সত্ৰ ন্যায়াধীশ গৰাকীৰ এই ঐতিহাসিক ৰায়দানে ব্যাপক চৰ্চা লাভ কৰিছে। আদালতে এনে ঐতিহাসিক ৰায়দান কৰাত বিলাসীপাৰাবাসীয়ে ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। কিয়নো এজন নৰপিচাশৰ মৃত্যুদণ্ডই আগলৈ বিলাসীপাৰা অঞ্চলত এক ইতিহাস হৈ থাকিব। বহু পৰিমাণে কমি যাব ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য ঘটনাবোৰ।
The post বিলাসীপাৰা আদালতৰ ঐতিহাসিক ৰায়দান : ৭ বছৰৰীয়া কন্যা শিশু ধৰ্ষণ আৰু হত্যা কাৰীক মৃত্যুদণ্ড ঘোষণা- appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2JO5TR7
via
IFTTT
Comments
Post a Comment