ভূৰাগাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্ন দল সংগঠনৰ সাহাৰ্য্য প্ৰদান
ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত শিৱবাৰীত কালি সংগঠিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী লগতে এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। উল্লেখ্য যে বিধ্বংসী অগ্নিকাণ্ডত সৰ্বশান্ত হোৱা পৰিয়াল কেইটা ব্ৰহ্মপুত্ৰৰ খহনীয়াত সকলো হেৰুৱাই শিৱবাৰীৰ মাথাউৰিত কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল। সম্প্ৰতি অগ্নিকাণ্ডটোত সকলো হেৰুৱাই পৰিয়াল কেইটাৰ কণ-কণ ফুল কুমলীয়া শিশুৰ পৰা ৮০উৰ্ধৰ বৃদ্ধ লোক সকলেও মুকলি আকাশত তলত বসবাস কৰাৰ বাহিৰে বিকল্প নাই।
আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভূৰাগাঁও আঞ্চলিক সমিতিৰ সভাপতি লম্বোদৰ বৰা, সম্পাদক বিকাশ নাথ, সহ-সাধাৰণ সম্পাদক দিলদাৰ হুছেইন, উপদেষ্টা দীপাংকৰ পাল আৰু দীপু কুমাৰ নাথ আৰু ভূৰাগাঁও জিলা পৰিষদ সদস্য আব্দুল্লাহ বাহাৰ, টেঙাগুৰি আঞ্চলিক আমছুৰ প্ৰাক্তন সভাপতি আশ্বিক ইকবালৰ লগতে বিভিন্ন দল সংগঠনে সৰ্বশান্ত পৰিয়াল কেইটাৰ বুজলৈ সৰ্বশান্ত লোক সকলৰ মাজত চাউল-চিৰা , বিস্কুট, চেনি,শাক-পাচলি আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ছাত্র ছাত্ৰী সকলৰ মাজত কলম , বহী ইত্যাদি বিতৰণ কৰাৰ লগতে বিভিন্ন দল সংগঠনে চৰকাৰ তথা চৰকাৰী প্ৰসাশনক দাবী জনায় যে আগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অনতিপলমে সাহাৰ্য্যৰ ব্যৱস্থা কৰে যেন।
The post ভূৰাগাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্ন দল সংগঠনৰ সাহাৰ্য্য প্ৰদান appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2V4LA37
via IFTTT
Comments
Post a Comment