পল্লৱ লোচনক ‘ছাৰ’ বুলি সম্বোধন কৰি কি ক’লে এম জি ভি কে ভানুৱে…

  • বিজেপিৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ছাৰ সম্বোধন এম জি ভি কে ভানুৰ।
  • কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে ‘ছাৰ’ সম্বোধন কৰি বিপক্ষ প্ৰাৰ্থীজনক কৰিলে কটাক্ষ।
  • ‘পল্লৱ ছাৰে চাহ শ্ৰমিকৰ ঘৰত যিমানবাৰ পানী খাইছে, তাতোকৈ বেছি মই ভাত খাইছো।’
  • এই মন্তব্য কৰিলে এম জি ভি কে ভানুৱে।
  • দিল্লীলৈ যোৱা পল্লৱ ছাৰৰ ক্ষমতা নাই বুলি কটাক্ষ কৰিলে ভানুৱে।
  • ‘সকলোৱে তেওঁক ইয়াতে ছাৰ বুলি মাতিছে, সেয়েহে ইয়াতে থাকক পল্লৱ ছাৰ।’
  • এইদৰে পল্লৱ লোচনক দিলে ‘ছাৰ’ বিতৰ্কৰ প্ৰত্যুত্তৰ।
  • শোণিতপুৰৰ মিছামাৰীত এই মন্তব্য এম জি ভি কে ভানুৰ।
  • পূৰ্বতে পল্লৱ লোচন দাসে এম জি ভি কে ভানু সন্দৰ্ভত মন্তব্য কৰি কৈছিল-
  • আই এ এছ বিষয়াগৰাকীয়ে তেওঁক মাতে ছাৰ বুলি।
  • তেওঁ মন্ত্ৰী হৈ থকা বিভাগৰে আয়ুক্ত সচিব আছিল এম জি ভি কে ভানু।
  • অৱসৰৰ দিনাও ছাৰ বুলি সম্বোধন কৰিয়েই এৰিছিল কাৰ্যালয়।
  • ভানুক ‘বুঢ়া গৰু’ আখ্যা দিছিল পল্লৱ লোচনে।
  • মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

The post পল্লৱ লোচনক ‘ছাৰ’ বুলি সম্বোধন কৰি কি ক’লে এম জি ভি কে ভানুৱে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V41WZz
via IFTTT

Comments