যোৰহাট মেডিকেল কলেজত অঘটন : পুনৰ খহিল দেৱাল ,কথমপি ৰক্ষা কৰ্মৰত কৰ্মচাৰী 

যোৰহাট ২৯ মাৰ্চ :
আৰম্ভনিৰ পৰাই শনিয়ে লগ নেৰা যোৰহাট মেডিকেল কলেজত পুনৰ ঘটিল আন ঘটনা । মেডিকেল কলেজৰ হস্পিতালৰ এটা কক্ষৰ এখন নিৰ্মীয়মান ৱাল আজি খহি পৰাত হস্পিতাল খনত  কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত  এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় । যিহেতু কৰ্মৰত দুজন কৰ্মচাৰী কথমপি ৰক্ষা পৰে । হস্পিতাল খনৰ অ পি ডি ভৱনৰ central clinical laboratory ৰ ৰিপোৰ্ট বিতৰণৰ কক্ষৰ কাষতে দিনৰ দুই মান বজাত  ওপৰৰ পৰা বৃহৎ এখন ৱাল খহি পৰে । সেই সময়তে সেই স্থানত ৰোগী আৰু বহু অভিভাৱক উপস্থিত আছিল । ৱাল খন খহি পৰাৰ লগে লগে হস্পিতাল খনত হাহাকাৰ লাগে । কিছু দিনৰ পূর্বেও তেনে এক ঘটনা সংঘটিত হৈছিল । তাৰ পাছত তদন্ত কৰা হব বুলি কোৱা হৈছিল যদিও আজি পুনৰ এনে ঘটনাই এতিয়া জে এম চিলৈ যোৱা ৰোগী আৰু অভিভাৱকক চিন্তাত পেলাইছে ।

The post যোৰহাট মেডিকেল কলেজত অঘটন : পুনৰ খহিল দেৱাল ,কথমপি ৰক্ষা কৰ্মৰত কৰ্মচাৰী  appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2Ullyvh
via IFTTT

Comments