নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ…

ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাট জিলাৰ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ এন আৰ এল- নাগৰাঞ্চলৰ সমীপৱৰ্তী বৰ্মণ গাঁৱৰ এখন চাহ বাগিচাত শনিবাৰে এটা মৃত নাহৰফুটুকী উদ্ধাৰ হয়। ঘটনাৰ বিৱৰণী মতে, শনিবাৰে পুৱাৰ ভাগত এখন ব্যক্তিগত চাহ বাগিচা লিজত লোৱা ফণীধৰ উপাধ্যায় নামৰ লোকজনে শ্ৰমিকসহ পাত শিঙিবলৈ বুলি বাগিচাত প্ৰৱেশ কৰিছিল। এনেতে সমগ্ৰ ঠাইডুখৰ এক অসহ্য দুৰ্গন্ধই চানি ধৰা দেখি কোনো জন্তুৰ মৃত্যু হোৱা অনুমান কৰি বাগিচাখন নিৰীক্ষণ কৰে আৰু এটি প্ৰাপ্ত বয়স্কৰ নাহৰফুটুকীৰ গেলি-পঁচি নিঃশেষ হোৱা মৃতদেহটো প্রত্যক্ষ কৰে।
ইয়াৰ লগে লগেই নুমলীগড় বন বিভাগক খবৰ দিয়ে। কিছু সময়ৰ পিছত নুমলীগড় বন বিভাগৰ এটা দল বাগিচাখনিত উপস্থিত হৈ নাহৰফুটুকীৰ মৃতাদেহটো উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। কিন্তু, এই পৰ্যন্ত নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে এই অঞ্চলত প্ৰায়ে নাহৰফুটুকীৰ মৃত্যু হৈয়ে থাকে। ইয়াৰ নিচেই নিলগৰ বকীয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ কালিয়নী চাহ বাগিচাৰ পৰাও চলিত মাহতে এটা মৃত নাহৰফুটুকী উদ্ধাৰ হৈছিল। নাহৰফুটুকীটোৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী সকলক মৰ্মাহত কৰি তুলিছে।
The post নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JTGLZ9
via IFTTT
Comments
Post a Comment