মোডীৰ প্ৰতিশ্ৰুতি ফাঁকিবাজ, টুপী পিন্ধোৱা আৰু সপোন দেখোৱাৰ প্ৰতিশ্ৰুতি!

ডিজিটেল সংবাদ, ওৰাংঃ শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী তথা বিজেপি দলৰ নেতা নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। ডিব্ৰুগড়ৰ মৰাণ আৰু গহপুৰত মোডীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ভাষণত পুণৰ এবাৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। মোডীৰ প্ৰতিশ্ৰুতি আৰু অসম ভ্ৰমণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাই কয় ‘মোডীৰ অসম ভ্ৰমণত কোনো নতুনত্ব নাই। মোডীৰ প্ৰতিশ্ৰুতি এতিয়া আৰু অসমৰ মানুহে বিশ্বাস নকৰে। মোডীৰ প্ৰতিশ্ৰুতি কেৱল ফাঁকিবাজ। টুপী পিন্ধোৱা, সপোন দেখোৱা প্ৰতিশ্ৰুতি মোডীৰ। টেঙা আম এবাৰেই কিনে ৰাইজে। বিজেপিৰ পৰা আৰু টেঙা আম মানুহে নিকিনে।’

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়- ‘কংগ্ৰেছৰ দক্ষ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বিজেপি সংকিত হৈ মানুহক বিভ্ৰান্ত কৰিবৰ বাবেই এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ ভূৱা প্ৰচাৰ চলাইছিল। কংগ্ৰেছৰ লক্ষ্য এআইইউডিএফ আৰু বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ।’

মাজবাটত কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সাংবাদিকৰ আগত কংগ্ৰেছ দলে অসমত এইবাৰ ১৪ খন আসনৰ ভিতৰত ৮ৰ পৰা১০খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে ৰিপুণ বৰাই।

আনহাতে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুক ‘বুঢ়া গৰু’ৰ সৈতে তুলনা কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘বিজেপি দলে শিষ্টাচাৰ কি নাজানে। গণতন্ত্ৰত কি কথা কব লাগে তেওঁলোকে নাজানে। বিজেপি দল বিজতৰীয়া ভেজাল দল। যি সকলে ভানুক বুঢ়া গৰুৰ সৈতে তুলনা কৰিছে তেওঁলোক প্ৰকৃত বিজেপি নহয়। চালানী বিজেপি।

ভাষন প্ৰসংগত ৰিপুণ বৰাই কয় যে ‘কংগ্ৰেছ দলে ক্ষমতালৈ আহিলে এখন আইন আনিব। আইনৰ জৰিয়তে প্ৰতিটো দুখীয়া পৰিয়ালৰ মুৰব্বী মহিলা গৰাকীৰ নামত মাহে মাহে ৬ হেজাৰ টকা চৰকাৰে জমা কৰি দিব।

 

The post মোডীৰ প্ৰতিশ্ৰুতি ফাঁকিবাজ, টুপী পিন্ধোৱা আৰু সপোন দেখোৱাৰ প্ৰতিশ্ৰুতি! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FGkKYr
via IFTTT

Comments