১ মিনিটত ২৫ খবৰ…

১. জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন। মানকোট আৰু কৃষ্ণাঘাটিত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক।

২. দিল্লীৰ বুৰাৰীত অগ্নিকাণ্ড। এটা প্লাষ্টিকৰ ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। কোনো লোক এই অগ্নিকাণ্ডত হতাহত হোৱা নাই।

৩. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ ৰেলীত অংশগ্ৰহণ। শ্ৰীকাকুলাম জিলাৰ ৰাজামৰ পৰা বাহিৰ হয় এই ৰেলী।

৪. ২০১৯ৰ বিহাৰ স্কুল এগজামিনেশ্যন ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। মুঠ ১৩,১৫,৩৮২ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। ইয়াৰে ৭৯.৭৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।

৫. মাৰাঠা নেতা প্ৰবীন গাইকৱাড়ে শনিবাৰে যোগ দিয়ে কংগ্ৰেছত। মল্লিকাৰ্জুন খাৰ্গে, অশোক চাৱন আৰু কে চি বেনুগোপালৰ উপস্থিত দলটোত যোগদান নেতাগৰাকীৰ।

৬. হিমাচলপ্ৰদেশৰ মুলিং নালা ৰ’ডত ভয়ংকৰ হিমস্খলন। হিমস্খলনৰ ফলত যান-বাহন চলাচল স্তব্ধ হৈ পৰে মুলিং নালা ৰ’ডত।

৭. দিল্লী আৰু মহাৰাষ্ট্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক। মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত এই বৈঠক।বৈঠকত আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা।

৮. দিল্লীৰ জোনপুৰ এলেকাত বিধ্বংসী অগ্নিকাণ্ড। এটা গুডামত সংঘটিত হয় এই অগ্নিকাণ্ড। ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।

৯. শনিবাৰ সমাজৱাদী পাৰ্টিয়ে প্ৰকাশ কৰে আৰু এখন প্ৰাৰ্থীৰ তালিকা। কানপুৰ লোকসভা সমষ্টিত ৰাম কুমাৰ আৰু গোৰখপুৰ সমষ্টিত ৰামভুৱাল নিষাদে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

১০. বিজেপি কেন্দ্ৰীয় সভাপতি অমিত শ্বাহে শনিবাৰে শ্ৰদ্ধাঞ্জলি জনায় চৰ্দাৰ বল্লৱভাই পেটেলৰ প্ৰতিমূৰ্তিত। গান্ধীনগৰত মনোনয়ন দাখিল পূৰ্বেত শ্বাহে জনায় শ্ৰদ্ধাঞ্জলি।

১১. পঞ্জাৱৰ খান্নাত আৰক্ষীয়ে জব্দ কৰে ৯,৬৬,৬১,৭০০ টকা। তিনিখন গাড়ীৰ পৰা উদ্ধাৰ এই বৃহৎ পৰিমানৰ ধনখিনি। আৰক্ষীয়ে আটক কৰে ৬জন লোকক।

১২. কাছাৰৰ উজান তাৰাপুৰত পথ দুৰ্ঘটনাত নিহত দুজন। দুই বন্ধুৱে এখন বাইকেৰে যোৱাৰ সময়তে অজ্ঞাত বাহনে খুন্দিওৱাৰ সন্দেহ। নিহত বাশঁকান্দি চন্দ্ৰপুৰৰ বৰজবি সিং আৰু নজমূল ইছলাম।

১৩. মহানগৰীত ড্ৰাগছ আৰু গাঞ্জাসহ দুজন যুৱকক গ্ৰেপ্তাৰ। ড্ৰাগছ সহ ধৰা পৰে আকাশ দৈমাৰী নামৰ যুৱকজন। আনহাতে গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্তোষ শৰ্মা নামৰ যুৱকজনক।

১৪. নলবাৰীত আৰক্ষীৰ জালত ড্ৰাগছ আসক্ত যুৱক। নিচাযুক্ত টেবলেটসহ মনোজ বৈশ্য আৰু তাজনুৰ আলী নামৰ দুজন যুৱকক আটক। নলবাৰী আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰা পৰিল দুই যুৱক।

১৫. উত্তৰ গুৱাহাটীৰ জি এন আৰ চিত কিশোৰীক অশালীন আচৰণ হাস্পতালখনৰ কৰ্মীৰ। আই চি ইউত ভৰ্তি এগৰাকী কিশোৰীক অশালীন আচৰণৰ অভিযোগ হাস্পতালৰ কৰ্মচাৰী বিৰুদ্ধে।

১৬. ধুবুৰীৰ চাপৰৰ শালকোচাত দুৰ্ঘটনাত নিহত এজন। দ্ৰুতবেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল মহিবুল মণ্ডল নামৰ বাইক আৰোহীজনৰ।

১৭. কৰিমগঞ্জৰ পাথাৰকান্দিত সৌৰলাইট জব্দ। কটামণি এলেকাৰ পৰা ফ্লাইং স্কোৱাডে জব্দ কৰে বহু পৰিমাণৰ সৌৰলাইট। ভোটাৰক বিলাবলৈ মজুত কৰি ৰখাৰ সন্দেহ সৌৰলাইটখিনি।

১৮. গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত ০.৫ টকা বৃদ্ধি। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭২.৪৪ টকা। পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য। গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা হয়গৈ।

১৯. ধুবুৰীৰ চ’ক বজাৰত এজন লোকৰ আত্মহত্যা। চিপ লৈ আত্মহত্যা কৰা লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

২০. গোৱালপাৰাৰ ৰংজুলিৰ শিমলীতোলাত জব্দ অবৈধ শালগছৰ কুণ্ডা। নৈ পাৰ কৰি বৰপেটালৈ কাঠখিনি নিবলৈ চলাইছিল যো-জা চলাওতেই জব্দ কৰে আৰক্ষীয়ে। চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা।

২১. দেওবাৰে খোলা থাকিব যোৰহাটৰ পৰিবহন কাৰ্যালয়। জিলা পৰিবহন কাৰ্যালয়ত জনসাধাৰণে জমা দিব পাৰিব ৰাজহ।

২২. শনিবাৰে ভূমিকম্পই জোকাৰি গ’ল ইউনান। ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ-পশ্চিম চীনৰ এই এলেকাটো।

২৩. নিৰ্বাচনী প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰলৈ ৰাওনা হ’ব বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ৩ এপ্ৰিলত শ্বাহে প্ৰথমে ৰাজৌৰীৰ সুন্দৰবণী আৰু তাৰপাছত উধমপুৰত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব।

২৪. শনিবাৰে ইউটিউবত মুকলিৰ পাছতেই ভাইৰেল হৈ পৰে হিন্দী ছবি ‘কলংক’ৰ এটি গীত। ছবিখনৰ ‘কলংক’ শীৰ্ষ গীতটি ২৪ ঘণ্টা নৌহওঁতেই চাই প্ৰায় আঢ়ৈ লাখ লোকে।

২৫. ১০ মে’, ২০১৯ত ছবিগৃহত মুক্তি পাব হিন্দী ছবি ‘ষ্টুডেন্ট অৱ দ্য ইয়েৰ-২’। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা টাইগাৰ শ্ৰফে।

The post ১ মিনিটত ২৫ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HPgVnc
via IFTTT

Comments