নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নেতা-মন্ত্ৰী, প্ৰতিবাদত বহিল দিছপুৰৰ বিজেপি বিধায়ক…

ডিজিটেল ডেস্কঃ ৰাজ্যত বিজেপিৰ আন নেতা ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। কিন্তু সেই সময়তে প্ৰতিবাদত নামিছে এজন বিজেপি বিধায়ক। চূনচালিত সৃষ্টি নগৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ জনাই আহিছিল। সেই প্ৰতিবাদৰ অংশ স্বৰূপে শনিবাৰে সৃষ্টি নগৰৰ মুল প্ৰৱেশদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অঞ্চলবাসীয়ে।

প্ৰতিবাদী ৰাইজৰ কাষলৈ গৈ প্ৰতিবাদকাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিলে বিজেপিৰ এই দিছপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। প্ৰতিবাদকাৰী ৰাইজৰ সৈতে দিছপুৰ বিধায়ক অতুল বৰাই সৃষ্টি নগৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কোনো কাৰণতে চূনচালিত সৃষ্টি নগৰ হ’ব নিদিয়ে বুলি মন্তব্য কৰে।

The post নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নেতা-মন্ত্ৰী, প্ৰতিবাদত বহিল দিছপুৰৰ বিজেপি বিধায়ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ODCHLu
via IFTTT

Comments