হৰিনামৰ ধ্বনিৰে মুখৰিত বোকাখাত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল ৰাজহুৱা সভা…

ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাটৰ নুমলীগড়ৰ কমাৰগাঁৱত ২০২০ত বোকাখাত জিলা শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে বোকাখাতত দেওবাৰে অনুষ্ঠিত হয় এখন বিশাল সভা। সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত উদ্বোধনি ভাষণ আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।

উক্ত সভাত মন্ত্ৰী অতুল বৰা, প্ৰাক্তন বিধায়ক জিতেন গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে হৰিনামৰ ধ্বনিৰে সমগ্ৰ বোকাখাতৰ পৰিৱেশ মুখৰিত হৈ পৰে। সহস্ৰাধিক ৰাইজ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাৰ ইতিমধ্যেই শুভাৰম্ভ হৈছে। সভাত অসমৰ বিভন্ন প্ৰান্তৰ লক্ষ্যাধিক ভক্তপ্ৰাণ ৰাইজ তথা প্ৰতিনিধিক আদৰিবলৈ এখন আদৰণি সমিতিৰ গঠন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

The post হৰিনামৰ ধ্বনিৰে মুখৰিত বোকাখাত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল ৰাজহুৱা সভা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OBVXcb
via IFTTT

Comments