উত্তৰ গুৱাহাটীত ভোটাৰ সজাগতা শিবিৰ মুকলি

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰ সকলক ভোটদান কৰা কাৰ্য নিকা আৰু স্বচ্ছ কৰাৰ বাবে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ত শনিবাৰে ভোটাৰক ইভি এম সম্পৰ্কীয় সজাগতা শিবিৰ মুকলি কৰা হয়। শনিবাৰৰ পৰা ২৩ এপ্ৰিল পৰ্যন্ত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন হোৱা সময়লৈ মুকলি কৰি ৰখা হ’ব এই শিবিৰ।

ভোটাৰসকলক ইভিএম আৰু ভিভিপেডত ম’ক প’ল কৰি দেখুওৱা হয়। সজাগতা শিবিৰ মুকলি কৰে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া প্ৰনৱ দত্ত গোস্বামীয়ে। লগতে শিবিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা নিৰ্বাচনী বিষয়া শ্ৰৱৰ্না সোনোৱাল।

The post উত্তৰ গুৱাহাটীত ভোটাৰ সজাগতা শিবিৰ মুকলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I10iUT
via IFTTT

Comments