চিআৰপিএফৰ বাছত খুন্দা, তাৰপাছত বিস্ফোৰণ, পুলৱামা সদৃশ কাণ্ডৰ পৰা কথমপি ৰক্ষা

ডিজিটেল ডেস্কঃ আকৌ পুলৱামা সদৃশ কাণ্ডই সংঘটিত হৈছিল শ্ৰীনগৰত। শ্ৰীনগৰ-জম্মু সংযোগী ঘাইপথৰ বনিহালত থকা সবাতোকৈ দীঘল সুৰংগ জৱাহৰ টেনেলৰ সমীপত শনিবাৰে পুৱা সংঘটিত হৈছিল এক বিস্ফোৰণ। লক্ষণীয় কথাটো হ’ল- এই বিস্ফোৰণৰ পূৰ্বে এখন গাড়ীয়ে খুন্দা মাৰিছিল এখন চি আৰ পি এফৰ বাহনত। পিছফালৰ পৰা এই বাহনখনে চি আৰ পি এফৰ বাহনত খুন্দা মৰাৰ পাছতেই বিস্ফোৰণ হৈছিল।

এই বিস্ফোৰণৰ পাছতে এতিয়া সেনা আৰু নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰণত চাৰখাৰ হৈ যোৱা গাড়ীখনৰ চালকজনৰ সন্ধান পোৱা নাই। প্ৰথমে আৰক্ষীয়ে এয়া গাড়ীখনৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল বুলি দাবী কৰিছিল। কিন্তু লাহে লাহে এই বিস্ফোৰণৰ আঁৰত যে কূটাঘাতকাৰীৰ ষড়যন্ত্ৰ আছিল সেয়া উন্মোচন হ’বলৈ ধৰিছে। কিয়নো পুলৱামা সদৃশ আক্ৰমণেই আছিল এয়া।

চিআৰপিএফৰ বাহনখনত পিছফালৰ পৰা খুন্দা মৰাৰ পাছতেই এই বিস্ফোৰণ সংঘটিত হৈছিল বুলি অনুসন্ধানত পোহৰলৈ আহিছে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ পাছত কিছু পৰিমানে ক্ষতি হৈছে চি আৰ পি এফৰ বাহনখন। জম্মু আৰক্ষী মহাপৰিদৰ্শকে বিস্ফোৰিত গাড়ীখনে চি আৰ পি এফৰ বাহনখনত পিছফালৰ পৰা খুন্দা মৰা কথা স্বীকাৰ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলটো চি আৰ পি এফে ঘেৰি লৈ তদন্ত অব্যাহত ৰাখিছে।

The post চিআৰপিএফৰ বাছত খুন্দা, তাৰপাছত বিস্ফোৰণ, পুলৱামা সদৃশ কাণ্ডৰ পৰা কথমপি ৰক্ষা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U9hWx1
via IFTTT

Comments