খাব লগা হ’ব পাৰে জে’লৰ ভাত! এপ্ৰিল ফুল কৰাৰ আগতে হাজাৰবাৰ ভাবক…

ডিজিটেল ডেস্কঃ এপ্ৰিল ফুল। কাৰোবাক এপ্ৰিল ফুল সজাবলৈ গৈ এইবাৰ বিপদত নপৰিব। নিৰ্বাচনৰ বতৰ। ভুৱা বাতৰি বা মিছা খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ সময়ত যাতে এপ্ৰিল ফুলৰ নামত প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো অপপ্ৰচাৰ চলাব নোৱাৰে, তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি আয়োগৰ এক সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে, এই এপ্ৰিল ফুলৰ নামত যোৱা বছৰ বহুতে ৰাজ্যৰ বহুজনৰ মৃত্যু হোৱা বুলি মিছা খবৰ প্ৰকাশ কৰিছিল। ক্ষন্তেকীয়া ধেমালি বা কাৰোবাক ঠগিবৰ বাবে এপ্ৰিল ফুলৰ নামত কোনো লোকে সমাজত প্ৰভাৱ পেলাব পৰা খবৰ বিয়পালে সেই সকল লোকক অচিৰেই কৰায়ত্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীকো নিৰ্দেশ দিয়া হৈছে।
ফেচবুক, হোৱাটছএপ বা আন ছ’চিয়েল মিডিয়াত এনে খবৰ বিয়পোৱা সকলৰ ওপৰত চকু দিবলৈ বিশেষ কোষো গঠন কৰা হৈছে। সেয়েহে এইবাৰ এপ্ৰিল ফুলক সহজভাৱে নল’ব। বন্ধু বা আন কাৰোবাক এপ্ৰিল ফুল কৰাৰ নামত মিছা খবৰ বিয়পাই বিপদত পৰাৰ পূৰ্বে হাজাৰবাৰ ভাবক।
পূৰ্বৰ বছৰৰ দৰে এইবাৰ যদি কাৰোবাক এপ্ৰিল ফুল কৰিম বুলি ভাবিছে তেন্তে সচেতন হ’ব। কিয়নো নিৰ্বাচনৰ বাবে এপ্ৰিল ফুলৰ নামত যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে এই বাতৰিৰ সত্যতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পূৰ্বে আপুনিও এবাৰ ভাবি ল’ব। কিয়নো আপুনিও হ’ব পাৰে ‘এপ্ৰিল ফুল’ৰ স্বীকাৰ।
The post খাব লগা হ’ব পাৰে জে’লৰ ভাত! এপ্ৰিল ফুল কৰাৰ আগতে হাজাৰবাৰ ভাবক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JS5wEZ
via IFTTT
Comments
Post a Comment