চৰাইদেউত নিৰ্বাচনী ব্যয় পৰ্যালোচনা সভা

ডিজিটেল সংবাদ, সোণাৰিঃ ১২নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫নং মাহমৰা আৰু ১০৬নং সোণাৰি বিধানসভা সমষ্টিত আগন্তুক লোকসভা নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত শনিবাৰে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনিত নিৰ্বাচনী ব্যয় পৰ্যাবেক্ষক তথা ভাৰতীয় ৰাজহ সেৱা বিষয়া ৰাজেশ ত্ৰিপাঠীয়ে অংশগ্ৰহণ কৰে।

জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ উপস্থিতিত পৰ্যবেক্ষক গৰাকীয়ে জিলাখনৰ বিভিন্ন নিৰ্বাচনী ব্যয় কোষৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি ব্যয় সম্পৰ্কে বুজ লয়। পৰ্যাবেক্ষক গৰাকীয়ে বিষয়াসকলক নিষ্ঠা সহকাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। সভাত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপৰিও অতিৰিক্ত উপায়ুক্ত ক্ৰমে জিতু কুমাৰ দাস, প্ৰণৱ কুমাৰ বড়া আৰু দীপক কুমাৰ ভূঞা উপস্থিত থাকে।

The post চৰাইদেউত নিৰ্বাচনী ব্যয় পৰ্যালোচনা সভা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YBIMN2
via IFTTT

Comments