ওৰাঙত আৰক্ষীৰ তালাচীত জব্দ ৯ লক্ষাধিক টকা মুকলাই নিলে গৰাকীয়ে

ডিজিটেল সংবাদ,ওৰাংঃ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত শনিবাৰে বিয়লি ওৰাং আৰক্ষীৰ নিয়মীয়া তালাচীত এখন বিলাসী মাৰুটি বাহনৰ পৰা ৯ লক্ষাধিক টকা উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলে। জানিব পৰা মতে ৰবি ভাট্টি নামৰ এজন ব্যক্তিয়ে ঢেকীয়াজুলিৰ আৰ পি এন্টাৰপ্ৰাইজ নামৰ এখন প্ৰতিষ্ঠানৰ পৰা আনিছিল টকাখিনি।

টকাখিনি লৈ অহা মাৰুতি বেলিন’ বাহনখনৰ নম্বৰ এএছ০৬-ইউ-৩৪৫৫। মাজবাট বেতিবাৰি চাহ বাগানলৈ দেওবাৰে বনুৱাৰ হাজিৰা দিবলৈ অনা হৈছিল টকাখিনি।

ওৰাং আৰক্ষীৰ নিয়মিয়া তালাচীত উপযুক্ত নথি পএ নথকাত টকাখিনি জব্দ কৰা হয়। ওৰাং আৰক্ষীয়ে ইফালে টকাখিনি জব্দ কৰি ষ্টেটিক চাৰ্ভিলেঞ্চ দল আৰু মাজবাট এমচিচি জোনেল বিষয়াৰ হাতত গতাই দিয়ে।

ইফালে যদিও প্ৰথম অৱস্থাত টকাখিনি উপযুক্ত নথি নোহোৱাৰ বাবে আৰক্ষীয়ে জব্দ কৰিছিল পিছত বাগান কৰ্তৃপক্ষই উপযুক্ত নথি দেখুৱাই সেই টকা পুনৰ সংগ্ৰহ কৰে বুলি জানিবলৈ পোৱা গৈছে।

The post ওৰাঙত আৰক্ষীৰ তালাচীত জব্দ ৯ লক্ষাধিক টকা মুকলাই নিলে গৰাকীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uzoRjN
via IFTTT

Comments