লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ…

।
ডিজিটেল সংবাদ, লামডিংঃ দিনক দিনে অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে লামডিং ৰেলৱে ষ্টেচন৷ এফালে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত আমাৰ মন্ত্ৰী-বিধায়ক সকল, আনফালে ৰেলৱে প্ৰশাসনৰ চকুৰ সন্মুখতেই একাংশ দুষ্ট চক্ৰই ৰেলযোগে এতিয়া চলাইছে সুৰাৰ ৰমৰমীয়া বেহা ৷
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে দেওবাৰে লামডিং ৰেলৱে ষ্টেচনত জব্দ কৰিলে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা ৷ লামডিং জি আৰ পিৰ নিয়মীয়া তহলদাৰীয়ে নামনিমুৱা বিবেক এক্সপ্ৰেছত তালাচী চলাই থকাৰ সময়তে ৰেলৰ ডবাত মজুত ৰখা শাক-পাচলি বস্তাৰ মাজৰ পৰা উদ্ধাৰ কৰে দুটা বস্তাত সুৰা৷
একাংশ দুষ্ট চক্ৰই ৰেল প্ৰশাসন তথা ৰেলৱে কৰ্তৃপক্ষক মেনেজ কৰি ৰেল যোগে এই অবৈধ সুৰাৰ বেহা চলাই অহা বুলিও অভিযোগ উত্থাপন হৈছে। লামডিং জি আৰ পি বিষয়াই জনিব দিয়া মতে সুৰাখিনি ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল ৷ বিহাৰত সুৰাৰ দাম বহু পৰিমানে অধিক বাবেই ডিমাপুৰৰ পৰাই কম দামত আমদানি কৰি আহিছে অৰুণাচলী সুৰা সমূহ ৷ নিৰ্বাচনৰ প্ৰাক্ মূহুতত চাৰিওফালে চৰকাৰে প্ৰশাসনক কটকটীয়া নিৰাপত্তা দিবলৈ দিছে যদিও লামডিঙত উদ্ধাৰ হোৱা সুৰাৰ ঘটনাই চৰকাৰ তথা প্ৰশাসনৰ ফোপোলা ছবিখন উদঙাই দিয়ে ৷
The post লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WDIe7B
via IFTTT
Comments
Post a Comment