লোকসভাত হাতীক, বিধানসভাত পদুমফুলত দিয়ক ভোটঃ বটদ্ৰৱাত মন্ত্ৰী হিমন্ত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ‘লোকসভাত আপোনালোকে হাতীক ভোট দিয়ক, বিধানসভাত আঙুৰলতাক পদুমক ভোট দিয়ক,
কলিয়াবৰত হাতীক ভোট দিলেহে মোডী প্ৰধানমন্ত্ৰী হ’ব’। কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতলত এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
মোডীয়ে গামোচাক সন্মান দিলে, অসমীয়াক সন্মান দিলে, ভূপেনদাক সন্মান দিলে বুলি মন্তব্য কৰি গোপীনাথ বৰদলৈৰ দৰে ব্যক্তিক কংগ্ৰেছে ভাৰতৰত্ন নিদিলে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, কংগ্ৰেছে নেহৰু আৰু ৰাজীৱ গান্ধীকহে ভাৰতৰত্ন দিয়ে।
গৌৰৱ গগৈৰ মতা মাছ-মাইকী মাছ বিচাৰি থাকোতেই গ’ল বুলি মন্তব্য কৰি হিমন্তই কয় যে, উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ সাহস নাছিল কংগ্ৰেছৰ, বিজেপিৰ দিনত পাকিস্তানৰ ভিতৰত সোমাই প্ৰতিশোধ লোৱা হ’ল। মনি মাধৱক সকলো অসমীয়াই ভোট দিব বুলি তেওঁ বিশ্বাস আছে বুলি কৈ কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ’ব বুলি বটদ্ৰৱা সমষ্টিবাসীক নিশ্চিতি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
বেছি সংখ্যক মহিলাসহ প্ৰায় চাৰিহাজাৰ লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত বিধায়িকা আঙুৰলতা ডেকা, প্ৰাৰ্থী মনি মাধৱ মহন্তই ভাষন প্ৰদান কৰি ৰাইজৰ পৰা ভোট ভিক্ষা খোজে৷ ইফালে নিৰ্ধাৰিত সময়তকৈ প্ৰায় দুই ঘন্টা পলমকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাস্থলীত উপস্থিত হোৱাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হয়৷ মুকলি আকাশৰ তলত সৰু সৰু লৰা-ছোৱালী হৈ প্ৰখৰ ৰ’দত বিৰক্তি অনুভৱ কৰা মহিলাসকলে নূন্যতম পানী অকনো নোপোৱাত তীব্ৰ অসন্তোষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।
ইপিনে দেওবাৰে ধিং আৰু বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ দলৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা প্ৰতিকূল বতৰৰ বাবে বাতিল কৰিব লগা হোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, সভাপতি ৰিপুন বৰা, সাংসদ তথা প্ৰাৰ্থী গৌৰৱ গগৈসহ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা আজিৰ দুয়োখন সভাত উপস্থিত থকাৰ কথা আছিল।
The post লোকসভাত হাতীক, বিধানসভাত পদুমফুলত দিয়ক ভোটঃ বটদ্ৰৱাত মন্ত্ৰী হিমন্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Vc1zwo
via IFTTT
Comments
Post a Comment