বিচনা তলত ওলাল প্ৰকাণ্ড ঘৰিয়াল…

ডিজিটেল ডেস্কঃ শুই থকা অৱস্থাত আপোনাৰ বিচনাৰ তলত যদি ঘৰিয়াল অথবা কোনো সৰীসৃপ প্ৰাণী দেখা পায় সেই সময়ত আপোনাৰ অৱস্থা বাৰু কেনেকুৱা হ’ব। আজিলৈকে আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই যদিও গুজৰাটৰ এখন গাঁৱৰ কৃষকৰ ক্ষেত্ৰত সংঘটিত হ’ল এই এনে এক ঘটনা।
মধ্য গুজৰাট আনন্দ জিলাৰ এখন গাঁৱৰ এজন কৃষকৰ ঘৰত নিশা সোমাল এটা প্ৰকাণ্ড ঘৰিয়াল। নিশা শুই থকাৰ সময়তে কুকুৰে ভোকা শুনি ঘৰৰ চৌহদ পৰীক্ষা কৰি একো দেখা নাপালে যদিও শেষত কৃষক জন শুই থকা বিচনাৰ তলতে তেও প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড ঘৰিয়াল।৮ ফুঁট দৈৰ্ঘ্যৰ বিশাল এই ঘৰিয়ালতো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বনবিভাগে উদ্ধাৰ কৰে ঘৰিয়ালটো। বন বিভাগৰ লোকে জানিবলৈ দিয়ামতে ওচৰৰে এটা পুখুৰীৰ পৰা আহিছিল এই প্ৰকাণ্ড ঘৰিয়াল।
The post বিচনা তলত ওলাল প্ৰকাণ্ড ঘৰিয়াল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OwEodo
via IFTTT
Comments
Post a Comment