নৰেন্দ্ৰ মোডীক ভৰিত ধৰাতো জাতীয় সত্বা নহয় : আব্দুল খালেক | ইউ ডি এফক মুছলমান ৰাইজে প্ৰত্যাখ্যান কৰিছে
‘অসমৰ জাতীয় সত্তাৰ প্ৰতিনিধি কংগ্ৰেছ দল । বিজেপি দলে অসমৰ জাতীয় সত্তাক কেতিয়াবাই বিসৰ্জন দিছে ।’ –এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ। নতুন দিল্লীৰ পৰা আহি আজি গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় আব্দুল খালেকে। বাংলাদেশৰ পৰা নতুনকৈ মানুহ অনা অথবা নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰাটো জাতীয় সত্তা নহয় বুলি ৰাজ্যিক বিজেপিৰ নেতৃত্বক একপ্ৰকাৰ তাচ্ছিল্য কৰে আব্দুল খালেকে । ‘দৈনিক গণ অধিকাৰ’ৰ এই প্ৰতিবেদকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, বিজেপি দলৰ জাতি-মাটি আৰু ভেটিৰ প্ৰতি থকা দায়িত্ব অসমবাসীয়ে দেখিছে । বিজেপি দলৰ এনে ওলোটা দায়িত্বৰ বাবে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱা বুলি তেওঁ কয় । উল্লেখ্য যে নতুন দিল্লীত কালি কংগ্ৰেছ দলে ঘোষণা কৰা অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰে আব্দুল খালেকে । নতুন দিল্লীৰ পৰা আহি আজি গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে দলৰ কৰ্মীসকলে প্ৰাৰ্থীগৰাকীক আদৰণি জনায় । আদৰণি জনোৱাৰ পিছতে অনুষ্ঠিত সাক্ষাৎকাৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি হোৱা বুলি শাসকীয় পক্ষই কৰা অভিযোগ সন্দৰ্ভত খালেকে কয় যে শাসকীয় পক্ষৰ কোনো ইছ্যু নাই বাবে ভিত্তিহীন অপপ্ৰচাৰত লিপ্ত হৈছে ।
এ আই ইউ ডি এফ দলক সংখ্যালঘু ৰাইজে প্ৰত্যাখ্যান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে গণভিত্তি নাইকিয়া হোৱা এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা হোৱাহেঁতেন বৰপেটা সমষ্টিত তেওঁক প্ৰাৰ্থিত্ব নিদিলেহেঁতেন। বিজেপি দলে অসমীয়া জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসমৰ ৰাইজে এইবাৰৰ নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিব বুলিও তেওঁ কয়। নাগৰিকত্ব সংশোধনী বিধেয়ক কংগ্ৰেছৰ বাবেই ৰাজ্যসভাত গৃহীত নহ’ল বুলি উল্লেখ কৰি কংগ্ৰেছ শাসনলৈ আহিলে এই বিধেয়কখন বাতিল কৰাৰ বাবে কংগ্ৰেছ দলে পদক্ষেপ ল’ব বুলিও খালেকে মন্তব্য আগবঢ়ায়। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে তেওঁ সাংসদ হ’লে সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে বৰপেটা চহৰৰ মাজেৰে ৰে’লপথ চলোৱাৰ ব্যৱস্থা কৰাৰ বাবে সংগ্ৰাম কৰিব। ইয়াৰ উপৰি বান-গৰাখহনীয়া সমস্যা, ডি-ভোটাৰ, নিবনুৱা সমস্যা সমাধানৰ লগতে কৃষকৰ সমস্যা সমাধানৰ বাবেও তেওঁ সংগ্ৰাম কৰিব বুলি উল্লেখ কৰে । বৰপেটাত কংগ্ৰেছ দলে এইবাৰ বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰি দলীয় কৰ্মীসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। ৰাজ্যত কংগ্ৰেছ দলে অতিকমেও দহখন আসন লাভ কৰিব বুলিও দাবী কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে।
The post নৰেন্দ্ৰ মোডীক ভৰিত ধৰাতো জাতীয় সত্বা নহয় : আব্দুল খালেক | ইউ ডি এফক মুছলমান ৰাইজে প্ৰত্যাখ্যান কৰিছে appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2I0Q0Eo
via IFTTT
Comments
Post a Comment