দৈয়াং নদীত কীটনাশক ঔষধ দি মাছ নিধন

ডিজিটেল সংবাদ, গোলাঘাটঃ দৈয়াং নদীত কীটনাশক ঔষধ দি মাছ নিধন কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নদীত মাৰাত্মক বিহ দি মাছ মৰা কাৰ্য নিন্দনীয় আৰু আইন বিৰোধী বুলি বিভিন্নজনে মতপোষন কৰিছে৷ লগতে এই অনৈতিক কাৰ্যৰ দোষীক ধৰিবলৈ সকলোৱে দাবী জনাইছে আৰক্ষী প্ৰশাসনক।
আনহাতে এই পানী তিতাবৰ পৰ্যন্ত ৰাইজে খোৱাপানী হিচাপে ব্যৱহাৰ কৰি আছে। ইয়াৰ দ্বাৰা জনসাধাৰণৰ লগতে জীৱ জন্তুৰ বাবেও এই পানীয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে।
The post দৈয়াং নদীত কীটনাশক ঔষধ দি মাছ নিধন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JR5xcr
via IFTTT
Comments
Post a Comment