অৱশেষত ক্ষোভ, অভিমান পৰিহাৰ কৰি বিজেপিৰ হৈ প্ৰচাৰ নামিল ৰাজেন গোহাঁইয়ে
ডিজিটেল সংবাদ, নগাঁওঃ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ ক্ষোভিত হৈ পৰা নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে আজি নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত একাধিক স্থানত প্ৰচাৰ অভিযান চলায়। অৱশ্যে গোহাঁইয়ে চলোৱা প্ৰচাৰ সভা সমুহত প্ৰাৰ্থী ৰূপক শৰ্মা উপস্থিত নাছিল। ক্ষোভ, অভিমানক একাশৰীয়া কৰি তেওঁ অকলেই এই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, বিগত ১৯৯৯ চনৰে পৰা দুটা দশক ধৰি নগাঁও লোকসভা সমষ্টিটোত বিজয়ী হৈ সাংসদ হৈ থকা আৰু শেহতীয়াকৈ কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজেন গোঁহায়ে অশেষ চেষ্টা কৰিও এইবাৰ দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’ল। পৰৱৰ্তী সময়ত গোঁহায়ে তেওঁৰ পত্নী ৰীতা নাথ গোঁহাইক প্ৰাৰ্থীত্ব দিয়াবৰ বাবে দলীয় নেতৃত্বক হেঁচা প্ৰয়োগ কৰিও মুখথেকেচা খাবলগীয়া হয়। নিজৰ লগতে পত্নীৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ গোঁহায়ে সকলো ধৰণৰ দলীয় কাম কাজৰ পৰা নিজকে আঁতৰাই ৰখাৰ লগতে মৌনব্ৰত পালন কৰি ঘৰতে সোমাই আছিল।
আনকি, নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত ৰাজেন গোঁহাইক সাক্ষাতৰ বাবে তেওঁৰ বাসভৱনলৈকো গৈছিল যদিও সাক্ষাৎ নিদিলে।ৰূপক শৰ্মাই মনোনয়নপত্ৰ দাখিল কৰাৰ দিনাও গোঁহাইক সাক্ষাৎ কৰি তেওঁৰ আৰ্শীবাদ ল’বলৈ বুলি তেওঁৰ বাসগৃহলৈ গৈছিল যদিও সেই দিনাও সাক্ষাৎ দিয়া নাছিল। অৱশ্যে শৰ্মাই গোঁহাইৰ বাসগৃহলৈ গৈ তেওঁৰ আৰ্শীবাদ গ্ৰহণ কৰে। ইয়াৰ পিছতেই বঞ্চিত, ক্ষোভিত ৰাজেন গোঁহাইৰ মন কুমলিবলৈ ধৰে। ৰূপক শৰ্মাৰ অনুৰোধৰ বাবেই হওঁক, নিজৰ পত্নী-পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাৱিয়েই হঁওক অৱশেষত ৰাজেন গোঁহায়ে আজি ভাগ ললে বিজেপি দলৰ একাধিক নিৰ্বাচনী সভাত।কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে আজি নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ চহৰী পঞ্চায়ত এলেকা আৰু চাপৰমুখ আঞ্চলিক শ্ৰীমন্ত শংকৰ মন্দিৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহায়ে আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাত নগাঁৱৰ বিজেপি শিৱৰ উৎফুল্লিত হৈ পৰিছে।
ইপিনে, কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে আজি সাংবাদিকৰ আগত কয় যে, বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ তেওঁ আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰুণাচল প্ৰদেশলৈ আহিব আৰু এখন সভাত অংশগ্ৰহণ কৰিব।সেই সভাত অংশগ্ৰহণ কৰিবলৈ তেওঁ কাইলৈ অৰুণাচললৈ যাব। কিন্তু অহা ১ এপ্ৰিলৰ পৰা নগাঁও সংসদীয় সমষ্টিত তেওঁ পুনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। তেওঁ ১ এপ্ৰিলত জাগীৰোডত নিৰ্বাচনী সভাত অংশ লব। গোঁহায়ে আৰু কয়, “নগাঁও চিটটো আমি যিকোনো প্ৰকাৰে জিকাবই চেষ্টা কৰিম। মই উজনি অসমলৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাম । মই দলীয় প্ৰাৰ্থীক জয়ী কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম।”
The post অৱশেষত ক্ষোভ, অভিমান পৰিহাৰ কৰি বিজেপিৰ হৈ প্ৰচাৰ নামিল ৰাজেন গোহাঁইয়ে appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2FLyGll
via IFTTT
Comments
Post a Comment