বিৰোধী তপন গগৈৰ গৃহ সমষ্টিত সুশান্ত বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, সোণাৰিঃ ১২নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৬ নং সোণাৰি বিধান সভা সমষ্টিত শাসক-বিৰোধীৰ প্ৰচাৰ তুংগত উঠিছে। শাসকীয় দল বিজেপিয়ে উন্নয়ণৰ কথা কৈ ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে সমষ্টিটোত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ব্যতিক্ৰমী প্ৰচাৰ আৰু সৰল ব্যক্তিত্বৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। শনিবাৰে লোকসভা সমষ্টিটোৰ প্ৰাৰ্থী তপন গগৈৰ হৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণত প্ৰচাৰ চলাবলৈ অহাৰ দিনাই কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ প্ৰচাৰ অভিযান চলায়।

জিলাখনৰ কংগ্ৰেছ কৰ্মী সকলে সুশান্ত বৰগোহাঁইক লৈ তপন গগৈৰ ওপজা গাঁও বিমলাপুৰত বাইক ৰেলী কৰি এখন সভা অনুষ্ঠিত কৰে। বিমলাপুৰ বজাৰ গৃহত অনুষ্ঠিত প্ৰচাৰ সভাখনিত অঞ্চলটোৰ যথেষ্ট সংখ্যক ৰাইজে অংশ গ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনায়। প্ৰাৰ্থী গৰাকীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে। শক্তি মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ নিজা গাঁৱত সুশান্ত বৰগোহাঁইৰ প্ৰতি ভোটাৰ ৰাইজৰ সঁহাৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে দুপৰীয়া কংগ্ৰেছ প্ৰাৰ্থী গৰাকী সমষ্টিটোৰ বৰপাত্ৰ চাহ বাগিচাৰ বজাৰ প্ৰাঙ্গণত নিৰ্বাচনী প্ৰচাৰ চলাই বাগিচাখনৰ শ্ৰমিক অনিল নাগৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। এজন নেতাক এইদৰে এমুঠি ভাত খুৱাবলৈ পাই আনন্দত আত্মহাৰা অনিল নাগৰ পৰিয়াল তথা বাগিচাখনৰ ৰাইজ।

এই ঘটনাই খলকনি তুলিছে সোণাৰিৰ বিজেপিৰ শিৱিৰত। আজি বিজেপিৰ চাহ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া সহিতে বিজেপিৰ নেতা-কৰ্মীৰ এটি বৃহৎ দল বাগিচাখনত উপস্থিত হৈ শ্ৰমিক ৰাইজক বুজাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। অসমৰ ভিতৰতে সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা যোৰহাট লোকসভা সমষ্টিটো উদ্ধাৰ কৰিবলৈ কংগ্ৰেছ দলে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে বিজেপি দলৰ বাবেও সমষ্টিটো সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে। সমষ্টিটোত ৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে যদিও তপন গগৈ আৰু সুশান্ত বৰগোহাঁইৰ মাজতহে মূল যুঁজখন অনুষ্ঠিত হ’ব। বৰ্তমানলৈকে ভোটাৰ ৰাইজৰ ৰেহৰূপ চাই দুয়োজন হাইপ্ৰফাইল নেতাৰ বাবে জয়ৰ পথ যে সহজ নহ’ব সেয়া খাটাং।

The post বিৰোধী তপন গগৈৰ গৃহ সমষ্টিত সুশান্ত বৰগোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WCR8SS
via IFTTT

Comments