আজমল হ’ল ৰামঠগনৰ চেম্পিয়ন, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰৰ প্ৰতীক চিহ্ন দুটা!

ডিজিটেল সংবাদ, ধুবুৰীঃ বিগত দহ বছৰে সাংসদৰ কাৰ্য্যকালত বদৰুদ্দিন আজমলে সমষ্টিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা নাই। কেৱল নিজৰ উন্নয়ন কৰিছে আজমলে। বিগত দিনত কেৱল ৰাইজক ঠগি অহা আজমল এগৰাকী ৰামঠগণ চেম্পিয়ন মাষ্টাৰ। এইদৰেই শনিবাৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰিলে ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা তথা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা প্ৰক্ষেপিত চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী এন আই চৌধুৰীয়ে।

উল্লেখ্য যে, শনিবাৰে ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীয়ে ধুবুৰী নিৰ্বাচনী কাৰ্য্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত বিজেপি, অগপ আৰু এ আই ইউ ডি এফক চোকা ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে নিজে সাংসদ নিৰ্বাচিত হ’লে ধুবুৰীত প্ৰথমতে কৃষক, উদ্যোগ আৰু নিবনুৱা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে। আনহাতে সংবাদমেলখনত ধুবুৰীৰ তৃণমূলৰ প্ৰাৰ্থীগৰাকীয়ে এ আই ইউ ডি এফ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰি কয়, “বিগত ১০ বছৰে তেখেতে নিজৰহে উন্নতি কৰিলে৷ সমষ্টিৰ বা ৰাইজৰ একো উন্নয়ন হোৱা নাই৷” সংবাদমেলখনত তৃণমূল প্ৰাৰ্থীগৰাকীয়ে লগতে কয়, “আপোনালোকে চাৰিটা প্ৰশ্ন কৰিব আৰু প্ৰতিটোৰে ঋণাত্মক উত্তৰ পাব৷ এটা হ’ল তেওঁৰ ইয়াত কোনো ঘৰ আছে নেকি? উত্তৰ আহিব নাই৷ ইয়াত তেওঁৰ ৰক্তৰ সম্পৰ্কীয় আত্মীয় আছে নেকি? ইয়াত তেওঁৰ ভোটাধিকাৰ আছে নেকি? প্ৰতিটোৰে উত্তৰ ‘নাই’ বুলিয়ে পাব৷ অন্তিমটো প্ৰশ্ন ইয়াত তেওঁ কি কৰিছে? উত্তৰ নাজানো বুলিয়ে পাব৷ আজমল হ’ল ৰামঠগন দিয়া চেম্পিয়ন, মাষ্টাৰ৷ আপোনালোকতো জানেই তেওঁ নিজেই ৰোগী৷ কিন্তু মানুহক জৰা ফুকা কৰে৷”

“বিগত ৩০ বছৰৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধীসকলে সমষ্টিৰ বাবে একোকে কৰা নাই৷ মই নিৰ্বাচিত হ’লে সমষ্টিটোৰ গৰাখহনীয়া, বানপানী, বাট-পথৰ দূৰবস্থাৰ লগতে ডি ভোটাৰকে ধৰি বিভিন্ন সামাজিক বিষয়বোৰ সবল ভাৱে সংসদত ডাঙি ধৰিম” বুলিও শনিবাৰৰ সংবাদমেলত তেওঁ কয়।

ইফালে বহু জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছে ধুবুৰীত প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে অগপ-বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাক্তন বিধায়ক জাবেদ ইছলামক। এসময়ৰ হিমন্তৰ লগতে থকা থকা দাদা ব্ৰিগেডৰ সদস্য আবু তাহেৰ বেপাৰীক কংগ্ৰেছে আৰু আৰু জাবেদ ইছলামক অগপ-বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থিত্ব দিছে যদিওঁ ইয়াৰ অন্তৰালত ৰহস্যৰ গোন্ধ পাইছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চৌধুৰীয়ে কয়, বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ ছবি হল দুটা। এটা পদুম ফুল আনটো হল হাতৰ ছবি। চৌধুৰীয়ে স্পষ্টকৈ কব নিবিচাৰিলেও কংগ্ৰেছৰ আবু তাহেৰৰ নিৰ্বাচনী যুঁজৰ পিছফালে দাদা ব্ৰিগেড হিমন্তৰ আশীৰ্বাদ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে। একেদৰে মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ক্ষেত্ৰতো একেই প্ৰসংগ উত্থাপন কৰি জাবেদ ইছলামকো সমালোচনা কৰে চৌধুৰীয়ে।

The post আজমল হ’ল ৰামঠগনৰ চেম্পিয়ন, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰৰ প্ৰতীক চিহ্ন দুটা! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HPkr14
via IFTTT

Comments