বৰপেটাৰ নগাঁৱত ভোটাৰ  সজাগতা সমদল

চেঙা,30 মাৰ্চ:
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ধৰণে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পক্ষই বেলেগ বেলেগ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । বৰপেটা জিলাৰ নগাঁৱত  ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আজি “আইদেউ চ’ৰা” শীৰ্ষক এক বিশাল সমদল উলিওৱা হয় । নগাঁও শিক্ষা মন্দিৰ হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা সমদলটো বাতিকুৰিহাৰ ডঃ বাণীকান্ত কাকতি হাইস্কুলত সমাপ্ত হয়।  অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত বৰপেটা উন্নয়ন খণ্ডৰ উদ্যোগত এই সমদল উলিওৱা হয়। বৰপেটা উন্নয়ন খণ্ডৰ অধীনস্থ জীৱিকা সখী দীপা তালুকদাৰৰ নেতৃত্বত উলিওৱা ভোটাৰ সজাগতা সমদলত প্ৰায় তিনিশ মহিলাই অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰে। খণ্ড প্ৰকল্প পৰিচালক অৰূপ শৰ্মাৰ তৎপৰতাত এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় ।সমদলটোৰ জৰিয়তে  বৃদ্ধ-বৃদ্ধা, গৰ্ভৱতী মহিলা, শাৰীৰিক ভাবে বিশেষভাৱে সক্ষম লোকসকলক সহায় কৰিবলৈও আহ্বান জনায় জীৱিকা সখী দীপা তালুকদাৰে।

The post বৰপেটাৰ নগাঁৱত ভোটাৰ  সজাগতা সমদল appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2JPJGC5
via IFTTT

Comments