নোনাইপাৰা চাহ বাগিছাত ২ সন্তানৰ মাতৃৰ মৃত্যু, চিকিৎসকৰ গাফিলতিৰ অভিযোগ ৰাইজৰ

ডিজিটেল সংবাদ,টংলাঃ টংলা ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত নোনাইপাৰা চাহ বাগিছাত যোৱা শুকুৰবাৰে স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা বন্ধ্যাকৰণৰ শিৱিৰত চিকিৎসকৰ গাফিলতিত হেলেনা নাগ নামৰ ৩০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু ঘটাক কেন্দ্ৰ কৰি শনিবাৰে নোনাইপাৰা বাগিছাত চাহ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

খৈৰাবাৰী স্বাস্থ্য কেন্দ্ৰৰ অধীনত ২৯ মাৰ্চত নোনাইপাৰা বাগিছাত অনুষ্ঠিত কৰা মহিলাৰ ব্যন্ধাকৰণ শিৱিৰত বাগিছাখনৰ শ্ৰমিক জুৱেল নাগৰ পত্নী তথা দুটি সন্তানৰ মাতৃ হেলেনা নাগে বন্ধ্যাকৰণৰ বাবে কৰা অস্ত্ৰোপ্ৰচাৰৰ সময়তে স্বাস্থ্যৰ অৱনতি ঘটে ৷ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ মৃত্যু ঘটে ৷

চিকিৎসকৰ গাফিলতিৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি শনিবাৰে পুৱাৰে পৰা যথেষ্ট সংখ্যক পুৰুষ-মহিলা শ্ৰমিকে নোনাইপাৰা বাগিছাৰ কাৰ্যলয়ৰ সমূখত সমবেত হৈ উচিত তদন্তৰ দাবীত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিছত প্ৰতিবাদস্থলীত আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক সংঘৰ সহযোগত আৰক্ষীয়ে পৰিস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

The post নোনাইপাৰা চাহ বাগিছাত ২ সন্তানৰ মাতৃৰ মৃত্যু, চিকিৎসকৰ গাফিলতিৰ অভিযোগ ৰাইজৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uB5Ldp
via IFTTT

Comments