ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান মিগ-২৭…

- ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান মিগ-২৭ ভূপতিত।
- ৰাজস্থানৰ চিৰোহীৰ সমীপত ভূপতিত হয় মিগ-২৭ বিমানখন।
- খবৰ অনুসৰি, যোধপুৰৰ পৰা ৰুটিন মিছনলৈ গৈছিল বিমানখন।
- সেই সময়তে দুৰ্ঘটনাত ভূপতিত হয় মিগ-২৭খন।
- ইফালে, ভাৰতীয় বায়ু সেনাৰ সূত্ৰ অনুসৰি বিমানখনৰ বৈমানিকগৰাকী সুৰক্ষিত।
- দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই বিমানৰ পৰা বাহিৰলৈ পেৰাচ্যুটেৰে নামিছিল বৈমানিকগৰাকী।
- বায়ু সেনাই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
The post ৰাজস্থানত ভূপতিত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান মিগ-২৭… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uzdfgR
via IFTTT
Comments
Post a Comment