মনত আছেনে তেজ বাহাদুৰক? এইবাৰ মোডীৰ বিৰুদ্ধে খেলিব নিৰ্বাচন…

ডিজিটেল ডেস্কঃ সেই বি এছ এফৰ জোৱানজনলৈ মনত আছেনে? যিজনে ২০১৭চনত এটা ভিডিঅ’ আপলোড দিছিল। যিটো ভিডিঅ’ই দেশজুৰি হাহাকাৰ সৃষ্টি কৰিছিল। সেই পুৰণি ভিডিঅ’টো এইটো-
তেওঁৰ নাম আছিল তেজ বাহাদুৰ যাদৱ। হাৰিয়ানাৰ ৰেৱাৰীত ঘৰ যাদৱৰ। বি এছ এফৰ জোৱানসকলে কিমান নিম্নমানৰ খাদ্য খাব লাগে তাৰ ভিডিঅ’ প্ৰস্তুত কৰি তেওঁ ছ’চিয়েল মিডিয়াত এৰিছিল। তাৰ পৰিণামো তেওঁ ভোগ কৰিলে পৰৱৰ্তী সময়ত। চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লগা হৈছিল এইজন বি এছ এফৰ জোৱান।
সন্মুখত নিৰ্বাচন। মোদীক এশিকনী দিবলৈ তেওঁ সাজু হৈছে এইবাৰ। নিৰ্বাচনী যুঁজত মোডীৰ বিৰুদ্ধে নামিব তেওঁ। বাৰানসীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে এইবাৰ লোকসভা নিৰ্বাচন খেলিব তেজ বাহাদুৰে। নিৰাপত্তা সংস্থাসমূহত সংঘটিত দুৰ্নীতি উদঙাই দিয়াৰ বাবেই তেওঁ চাকৰি হেৰুৱাইছিল। এইবাৰ নিৰ্বাচনত তেওঁৰ ইছ্যু হ’ব দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা।
উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাতেই এই জোৱানজনে চাকৰি হেৰুৱাব লগা হৈছিল। বি এছ এফৰ খাদ্য নিম্নমানৰ বুলি অভিযোগ কৰা জোৱানজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি অব্যাহতি দিয়া হৈছিল চাকৰিৰ পৰা।
The post মনত আছেনে তেজ বাহাদুৰক? এইবাৰ মোডীৰ বিৰুদ্ধে খেলিব নিৰ্বাচন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FLiz77
via IFTTT
Comments
Post a Comment