ডিএলইডৰ প্ৰশ্নকাকত ফাদিল, বাতিল পৰীক্ষা

ডিজিটেল সংবাদ, শিৱসাগৰঃ সমগ্ৰ অসমৰ বিভিন্ন কেন্দ্ৰৰ লগতে শনিবাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাটো ডিএলইডৰ চুড়ান্ত পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল কৰা হয়। নামনি অসমৰ কোনো পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ৱাটচএপ যোগে ফাদিল হোৱাৰ পাছতেই বাতিল কৰা হয় এই পৰীক্ষা।
শিৱসাগৰৰ জয়সাগৰত থকা নিম্ন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ দিচাংমুখৰ বাবা চাহেব আম্বেদকাৰ জুনিয়ৰ কলেজ, চামগুৰিৰ নিলাক্ষী সোঁৱৰণী কেন্দ্ৰ আৰু সোণাৰীত থকা জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সৈতে মুঠ ৫টা কেন্দ্ৰৰ পৰীক্ষা বাতিল কৰা হয়। উল্লেখ্য যে, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছে।
এনে কাৰণতেই প্ৰতিটো কেন্দ্ৰতেই বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক সকলে ডিএলইডৰ প্ৰশিক্ষণ গ্ৰহণ কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু এই সহজ বিষয়টোৰ প্ৰশ্নকাকত পুৱা ৯.১৫ বজাতেই ফাদিল হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰে।
The post ডিএলইডৰ প্ৰশ্নকাকত ফাদিল, বাতিল পৰীক্ষা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FC6DDA
via IFTTT
Comments
Post a Comment