সোণাপুৰত প্ৰচাৰ পত্ৰিকা বিতৰণেৰে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো ৰাজনৈতিক দল। গুৱাহাটী লোকসভা সমষ্টিৰ বাবে সকলো দলে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই দেওবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত চলায় প্ৰচাৰ অভিযান।
একাংশ সমৰ্থকৰ সৈতে উপমন্যু হাজৰিকাই নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে দেওবাৰে সোণাপুৰৰ যোগদল আৰু নিউ মাৰ্কেটত নিৰ্বাচনী সভা অনুষ্ঠিত হয় আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয়৷ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে যে, সোণাপুৰ অঞ্চলৰ মূল সমস্যা হৈছে তাৰ স্থানীয় তিৱা, বড়ো আৰু কাৰ্বি আদি জনজাতীয় লোকসকলৰ পৈত্ৰিক ভূমিৰ পৰা উৎখাত হ’বলগা হোৱাটো। বিশেষকৈ বিভিন্ন চৰকাৰী আৰু উদ্যোগিক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ ফলত এই জনজাতীয় লোকসকলে ভূমিৰ মালিকীস্বত্ব হেৰুৱাব লগা হৈছে।
লগতে তেওঁ উল্লেখ কৰে যে, যেতিয়া কোন এটা জনজাতিৰ জনসংখ্যা কম হয়, তেতিয়া পৈত্ৰিক গৃহভূমিৰ পৰা উৎখাত হ’লে জনজাতিটোৰ অস্তিত্বৰেই সংকট আহি পৰে। চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ ফলত বৰ্তমান এই পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত ৬ বছৰ ধৰি প্ৰবজন বিৰোধী মঞ্চই খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে যি জনজাগৰণ অভিযান চলাইছিল, তাৰ আধাৰত আইন প্ৰণয়ন হ’লে এই সমস্যা সমূহ দূৰ হ’ব।
তদুপৰি সোণাপুৰ অঞ্চলত গঢ়ি উঠা উদ্যোগসমূহতো স্থানীয় যুবক-যুবতীয়ে সংস্থাপন পোৱা নাই। উদ্যোগৰ বাবে ভূমি অধিগ্ৰহণৰ দিনৰে পৰা স্থানীয় যুৱক-যুৱতীক সেই উদ্যোগৰ বাবে প্ৰয়োজনীয় উপযুক্ত কৰ্মীৰ ৰূপত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে নিয়োগৰ সমস্যাটো সমাধান কৰিব পৰা যাব বুলি হাজৰিকাই উল্লেখ কৰে।
The post সোণাপুৰত প্ৰচাৰ পত্ৰিকা বিতৰণেৰে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WCGB9V
via IFTTT
Comments
Post a Comment