কংগ্ৰেছে সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাই, কিন্তু মোডীজীৰ সেনাই গুলীঃ যোগী আদিত্য নাথ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনৰ পূৰ্বে সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। শাসক-বিৰোধী দলৰ নেতা-মন্ত্ৰীসকলে ইজনে সিজনক তীব্ৰ সমালোচনা কৰাও পৰিলক্ষিত হৈছে এই নিৰ্বাচনী প্ৰচাৰত। তাৰ মাজতে দেওবাৰে গাজিয়াবাদত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক।

গাজিয়াবাদত এক নিৰ্বাচনী সভাত অংশ লৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘কংগ্ৰেছে সন্ত্ৰসাবাদীক বিৰিয়ানী খুৱাই আৰু মোডীজীৰ সেনাই সন্ত্ৰাসবাদীক গুলী আৰু গোলা দিয়ে। কংগ্ৰেছে মছুদ আজহাৰৰ দৰে সন্ত্ৰাসবাদীৰ নামৰ লগত ‘জী’ লগাই সন্ত্ৰাসবাদ প্ৰশ্ৰয় দিয়ে। এয়াই পাৰ্থক্য।’

The post কংগ্ৰেছে সন্ত্ৰাসবাদীক বিৰিয়ানী খুৱাই, কিন্তু মোডীজীৰ সেনাই গুলীঃ যোগী আদিত্য নাথ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UiKJ1E
via IFTTT

Comments