বহাগত লোকেল মাছেৰে এসাঁজ খোৱাৰ আশা বাদ দিয়ক…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বহাগত পৰিয়াল বা আপোনজনৰ সৈতে লোকেল মাছেৰে এসাঁজ ভালকৈ খাম বুলি আশা পালি আছিল যদি আপুনি সেই আশা বাদ দিয়ক। কাৰণ আপোনাৰ সেই আশাত ইতিমধ্যে প্ৰশাসনে চেঁচা পানী ঢালিছে। কাৰণ এতিয়া আৰম্ভ হৈছে মাছৰ কণী পৰাৰ সময়। বসন্ত ঋতুৰ আগমনৰ লগে লগে নৈ বিলৰ থলুৱা মাছৰ বংশবৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এতিয়া ইয়াৰ বাবেই প্ৰশাসনে থলুৱা মাছৰ সংৰক্ষণ তথা বংশ বৃদ্ধিৰ বাবে লৈছে বিশেষ ব্যৱস্থা।
ধানে মাছে এসময়ত উভৈনদী বুলি জনাজাত ঢকুৱাখনা মহকুমাতো বৰ্তমান থলুৱা মাছৰ ব্যাপক নাটনি হোৱা বাবেই এতিয়া লখিমপুৰ জিলা তথা ঢকুৱাখনা মহকুমা প্ৰশাসন অধিক কঠোৰ হবলৈ বাধ্য হৈছে। যাৰ বাবে আজি অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই সমগ্ৰ মহকুমাটোত প্ৰযোজ্য হোৱাকৈ অহা ১ এপ্ৰিলৰ পৰা সকলো লোকেল মাছ ধৰা বন্ধ কৰিছে। নৈ , জান, জুৰি কতো সোমবাৰৰ পৰা ১৫ জুলাইলৈ জাল, আঁঠুৱা, বান ইত্যাদি মাৰি মাছ ধৰিব নোৱাৰিব।
The post বহাগত লোকেল মাছেৰে এসাঁজ খোৱাৰ আশা বাদ দিয়ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JUqp2t
via IFTTT
Comments
Post a Comment