ঢকুৱাখনাত হাহাকাৰ, সপ্তাহত ৩ দিনহে থাকে এ টি এমত ধন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নানা সমস্যাৰে ভাৰাক্ৰান্ত ঢকুৱাখনাবাসীক দীৰ্ঘদিনৰ পৰা ইয়াৰ বেংক প্ৰতিষ্ঠান সমূহে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্য খনৰ ভিতৰতে এটা অতি পিছপৰা মহকুমা হিচাপে পৰিচিত ঢকুৱাখনাত জনসংখ্যা অনুপাতে তেনেই সীমিত সংখ্যক বেংক প্ৰতিষ্ঠানহে আছে। তাৰ বাবেই দীর্ঘদিনৰ পৰা এই বেংক কেইটাই নিজৰ মইমতালিয়ে ঢকুৱাখনাবাসীক চৰম জলাযন্ত্ৰণা খুৱাই আহিছে। সততে গ্ৰাহকক বেয়া ব্যৱহাৰ কৰি অহা ঢকুৱাখনাৰ পুৰণি বেংক প্ৰতিষ্ঠান ইউ বি আইৰ বিষয়া কৰ্মচাৰীয়ে আনকি নিজৰ ভদ্ৰতাৰ সীমা চেৰাই গৈ কিছুদিন আগত শিক্ষকক শাৰীৰিক ভাবে অপদস্থও কৰিছিল। যাৰ বাবে আৰক্ষীৰ ওচৰত যাব লগা হৈছিল এই বেংকতোৰ বিষয়া।

উল্লেখযোগ্য যে গ্ৰাহকক সেৱা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱা এই বেংক টোত আনকি বৰ্তমান এখন ফৰ্ম বিচাৰি গ্ৰাহকে হাহাকাৰ কৰিব লাগে। আজি বহুত দিনৰ পৰা ফৰ্ম ইচু কৰা মানুহ নাই কৈ নতুন গ্ৰাহকক একাউণ্ট খোলাৰ ফৰ্ম দিয়া নাই এই প্ৰতিষ্ঠান তোৱে। বেংক লোণ সংক্ৰান্তীয় কাম কেৱল একাংশ বিশেষ ব্যৱসায়ীক কৰি দিয়াৰ বাহিৰে শিক্ষক বা অন্যান্য সাধাৰণ মানুহ বেংক লোণৰ কথা পাতিব গলেই বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। তাতোকৈ ডাঙৰ কথা এয়ে যে এই বেংকতোৱে ঢকুৱাখনাত ২ তা স্থানত দুটা এ টি এম আজি কেইবছৰমান আগত বঢ়াইছিল যদিও তাত মানুহে সপ্তাহৰ কোনোবা দিন ভাগ্য ভাল থাকিলে হে টকা পাই। আনহাতে ঢকুৱাখনাবাসীৰ বহুত দাবীৰ পাছত এছ বি আই এটা শাখা ইয়াত প্ৰতিষ্ঠা হল যদিও ইয়াৰ কাম কাজটো সৰ্বসাধাৰণ গ্ৰাহক হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। লাখ লাখ একাউণ্ট থকা ৰাষ্ট্ৰীয়কৃত এই বেংকটোত আকৌ কৰ্মচাৰী তেনেই তাকৰ। বহু কেবিন খালি হৈ পৰি থকা এই বেংক টোত মাথোঁ ২জন কেচিয়াৰে সমগ্ৰ লেনদেন চম্ভালি আছে। যাৰ বাবে প্ৰতিদিনে বেংকটোত টকা জমা থোৱা আৰু ওলোৱাৰ বাবে গ্ৰাহকে দীঘলীয়া শাৰী পাতি হাৰাশাস্তি ভুগিব লগা হৈছে।

লক্ষণীয় বিষয় এয়ে যে ইমান বছৰ হৈ যোৱা পাছতো ঢকুৱাখনাৰ এছ বি আইত আজিলৈকে নহল টোকেন ব্যৱস্থা। তাতোকৈ ডাঙৰ কথা ইমান বৃহৎ পৰিমাণৰ গ্ৰাহক থকা বেংক প্ৰতিষ্ঠান টোত আজিও হৈ উঠা নাই স্বয়ংক্ৰিয় পাইছা জমা কৰা মেচিন। ইফালে যি দুটা এ টি এম বেংক তোৱে দিছিল তাৰ এটা প্রথমৰ পৰাই বিকল হৈ পৰি আছে যদিও সেইটো আজি পৰ্যন্ত ভাল কৰা নাই বেংকতোৱে। আনকি ভাল হৈ থকা এ টি এম টোতো সপ্তাহৰ বেছিভাগ সময় টকা নাথাকে ।

ইফালে ঢকুৱাখনাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু নাগৰিকে অভিযোগ কৰা অনুসৰি এছ বি আইৰ একাংশ বিষয়া কৰ্মচাৰীয়ে অনা অসমীয়া একাংশ ডাঙৰ ব্যৱসায়ীক ভিতৰুৱা বুজাবুজিৰে বেংক লোণকে ধৰি যিকোনো কাম তৎক্ষণাত কৰি দিয়ে যদিও সৰ্বসাধাৰণ ৰাইজক এইসমূহ কামত নানা অজুহাত উলিয়াই সেৱাৰ পৰা বঞ্চিত কৰিছে। সম্পূর্ণ নিজৰ ময়মতালিৰে কাম কাজ কৰি অহা এই প্ৰতিষ্ঠানতোৰ ওপৰত সৰ্বসাধাৰণ গ্ৰাহকে নানা অভিযোগ লিখিত ৰূপত দিছে যদিও এছ বি আইৰ কৰ্তৃপক্ষই আজিলৈকে একো প্ৰদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে।
The post ঢকুৱাখনাত হাহাকাৰ, সপ্তাহত ৩ দিনহে থাকে এ টি এমত ধন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I1nbrp
via IFTTT
Comments
Post a Comment