ডিমৌত অৰ্ধ শতাধিক শগুণৰ ৰহস্যজনক মৃত্যু…

ডিজিটেল সংবাদ, ডিমৌঃ ডিমৌ সমীপৰ বাম ৰজাবাৰী নলনী পথাৰত শগুণৰ মৃত্যু উপত্যকালৈ পৰিণত হৈছে। শুকুৰবাৰে সন্ধিয়া মৰা গৰু ভক্ষণ কৰি সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা। অৰ্ধ শতাধিক শগুণ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক শগুণ বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল।

স্থানীয় কেইজনমান যুৱক ঘটনাস্থলীত উপস্থিত হৈ বিষক্ৰিয়াত আক্ৰান্ত শগুণ সমূহক নিমখ পানী খুৱাই বিষক্ৰিয়াৰ পৰা ৰক্ষা কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও শগুণ সংৰক্ষণ সংস্থাৰ কেইবাজনো যুৱক আৰু পশু চিকিৎসক ৰৌনক ঘোষ ঘটনাস্থলীত উপস্থিত হৈ বিষক্ৰিয়াত আক্ৰান্ত শগুণ সমূহক বেজী চেলাইন দি অৰ্দ্ধশতাধিক শগুণৰ চিকিৎসা কৰে। লগতে চিকিৎসক গৰাকীয়ে গুৰুতৰভাৱে অসুস্থ ৩০ তাৰো অধিক শগুনক উন্নত চিকিৎসাৰ বাবে ডিমৌ খণ্ড বন বিষয়াৰ কাৰ্য্যালয়লৈ নি চিকিৎসা কৰাৰ ব্যৱস্থা কৰে।

The post ডিমৌত অৰ্ধ শতাধিক শগুণৰ ৰহস্যজনক মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CFIbAj
via IFTTT
Comments
Post a Comment