মোৰ কনভয় ৰাখিবলৈ তুমি কোন?-আচৰণবিধি উলংঘা কৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দম্ভালি, VIDEO

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে নিৰ্বাচন আয়োগ। কিন্তু একাংশ ৰাজনৈতিক নেতাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা দেখা গৈছে। বিহাৰৰ বক্সৰত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আচৰণ বিধিক লৈ ক্ষোভিত হৈ পৰে। বিজেপিৰ প্ৰাৰ্থী অশ্বিনী চৌবেয়ে এগৰাকী বিষয়াৰ সৈতে অভব্য ব্যৱহাৰ কৰি ধমক দিয়া দেখা গৈছে।
বক্সৰত এগৰাকী নিৰ্বাচনী সন্মিলনত গৈ থকা সময়ত বিজেপি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত কনভয় লৈ আচৰণ বিধি উলংঘন কৰিছিল। অনুমতিতকৈ অধিক গাড়ীৰে সমষ্টিটোত প্ৰাৰ্থীগৰাকী নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে খঙত অগ্নিশৰ্মা হৈ পৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী অশ্বিনী চৌবেয়ে বক্সৰৰ এছ ডি এম কে কে উপাধ্যায়ক অভব্য ব্যৱহাৰ কৰি কয়- ‘সাহস আছে যদি মোক ৰখাই দেখোৱা। কাৰ নিৰ্দেশত মোৰ গাড়ী ৰখাইছা?’
নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি বিজেপি প্ৰাৰ্থীগৰাকীৰ দম্ভালি-
#WATCH Union Minister Ashwini Kumar Choubey misbehaves with SDM KK Upadhyay in Buxar after the official had stopped his convoy for violating model code of conduct. #Bihar (30.3.19) pic.twitter.com/G7Fp96zOug
— ANI (@ANI) March 31, 2019
উল্লেখ্য যে, শনিবাৰে টিকট লাভ কৰাৰ পাছত বিজেপি প্ৰাৰ্থী চৌবেয়ে বক্সৰৰ কিলা খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণৰ উদ্দেশ্যে অনুমতিতকৈ অধিক গাড়ীৰে গৈছিল। আৰু তাৰপাছতেই এছ ডি এম গৰাকীয়ে তেওঁক বাধা দিছিল। ফলত চৌবে অগ্নিশৰ্মা হৈ তেওঁক অভব্য ব্যৱহাৰ কৰাৰ লগতে ভাবুকিও দিয়ে।
ইফালে, এছ ডি এম গৰাকীয়ে কয়- ‘নিৰ্বাচনী আয়োগে দিয়া নিৰ্দেশতকৈ অধিক গাড়ী আছিল, সেয়েহে এই সন্দৰ্ভত বস্কৰৰ বিজেপি প্ৰাৰ্থী অশ্বিনী চৌবেৰ বিৰুদ্ধে তদন্ত হোৱাতো নিশ্চিত।’ বৰ্তমান এনেদৰে একাংশ প্ৰাৰ্থীয়ে নিজৰ ইচ্ছা অনুসৰি নিৰ্বাচনী আচৰণবিধি উলংঘন কৰা পৰিলক্ষিত হৈছে।
The post মোৰ কনভয় ৰাখিবলৈ তুমি কোন?-আচৰণবিধি উলংঘা কৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দম্ভালি, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V6Idsh
via IFTTT
Comments
Post a Comment