গহপুৰত হিমন্ত বিশ্ব শৰ্মাক বিশেষ গুৰুত্ব নিদিলে নেকি প্ৰধানমন্ত্ৰীয়ে!

ডিজিটেল ডেস্কঃ গহপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱা পাছতেই নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল ভাষণ। সভাস্থলীত উপস্থিত হৈ মোডীয়ে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বীৰ-বীৰাংগনাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তাৰ পাছতেই আৰম্ভ হৈছিল হিমন্ত বিশ্বৰ ভাষণ।
হিমন্ত বিশ্ব শৰ্মাই ভাষণত মুলতঃ কংগ্ৰেছক সমালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ পদৰেই আগবাঢ়ি যাব বুলি মন্তব্য কৰে। ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে মোডীক ধন্যবাদ জনায় হিমন্ত বিশ্বই। কিন্তু লক্ষণীয় ভাৱে ভগা মাতেৰে উদ্বাত্ত কণ্ঠৰে ভাষণ দিবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মাই।
ভাষণৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই এটা কথা সভাত উপস্থিত লোকসকলক এটা দিন ভাবিবলৈ অনুৰোধন জনায়। ১০ বছৰ ধৰি অসমৰ পৰা সাংসদ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হোৱা কংগ্ৰেছৰ মনমোহন সিঙে অসমৰ গামোচাখন ডিঙিত ল’ব বুলি ভাবিছিল। কিন্তু সেয়া নকৰিলে তেওঁ। নৰেন্দ্ৰ মোডীয়ে সেই গামোচা জগতসভালৈ নিয়া বুলি দাবী কৰে হিমন্ত বিশ্বই।
ইফালে এই সভাস্থলীত প্রধানমন্ত্ৰী মোডী কাষৰ দুখন আসনত ক্ৰমে আছিল- অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্ত আৰু হিমন্ত বিশ্ব শৰ্মা। মোডীৰ সোঁফালে বহিছিল কেশৱ মহন্ত আৰু বাওঁফালে বহিছিল হিমন্ত বিশ্ব শৰ্মাই। কেশৱ মহন্তৰ সৈতে মোডীয়ে বাৰ্তালাপ কৰা দেখা পোৱা গৈছিল যদিও, হিমন্ত বিশ্বৰ সৈতে বৰ বিশেষ অন্তৰংগতা প্ৰদৰ্শন কৰা দেখা পোৱা নগ’ল উক্ত সময়ত।
আনকি ভাষণ সামৰি মোডীৰ কাষত বহি হিমন্ত বিশ্ব শৰ্মাই মোডীৰ সঁহাৰি আশা কৰিছিল যদিও, তেনে বিশেষ সঁহাৰি হিমন্ত বিশ্বক নিদিলে মোডীয়ে। এই দৃশ্য আছিল চকুত লগা। কিয়নো হিমন্ত বিশ্ব শৰ্মাক তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ অসন্তুষ্ট হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। যাৰ বাবে শেষ মুহূৰ্তত মোডীয়ে হিমন্ত বিশ্বক টিকট দিয়াৰ বাবে বাধা ৰূপে থিয় দিছিল বুলি চৰ্চা হৈছিল।
অৱশ্যে সহজভাৱে সভাত সক্ৰিয় হোৱাৰ চেষ্টা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ভাষণৰ শেষত লখিমপুৰ আৰু তেজপুৰ সমষ্টি প্ৰাৰ্থীক চিনাকি কৰি দিছিল হিমন্ত বিশ্ব শৰ্মাই। প্রধানমন্ত্ৰীক নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব বুলি ঘোষণা কৰা হৈছিল যদিও, সেই সুযোগো লাভ নকৰিলে শৰ্মাই।
The post গহপুৰত হিমন্ত বিশ্ব শৰ্মাক বিশেষ গুৰুত্ব নিদিলে নেকি প্ৰধানমন্ত্ৰীয়ে! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JOhijT
via IFTTT
Comments
Post a Comment