মোডীৰ অসমৰ দুই নিৰ্বাচনী সভা! গহপুৰ লক্ষাধিক, মৰাণত অৰ্ধসহস্ৰাধিক লোকৰ অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে অসমত। বেয়া বতৰৰ স্বত্তেও যথেষ্ট সংখ্যক লোক গোট খালে মোডীৰ জনসভাত। গহপুৰত লখিমপুৰ আৰু তেজপুৰ সমষ্টিৰ পৰা অহা প্ৰায় ডেৰ লক্ষাধিক লোক সমবেত হয় মোডীৰ সভাত। ৰেল আৰু অন্যান্য পৰিবহণ ব্যৱস্থাৰে মোডী সভালৈ মানুহ অনা হৈছিল।

বিজেপিয়ে গহপুৰৰ সভাত প্ৰায় ১.৭৫ লাখ লোক সমবেত হ’ব বুলি আশা কৰিছিল। গহপুৰৰ তুলনাত মৰাণত অৱশ্যে জনসমাবেশত উপস্থিত লোকৰ সংখ্যা কম আছিল। ৩৪ হাজাৰ আসন পেণ্ডেলত আছিল যদিও, মৰাণৰ সভাত ৫০হাজাৰ জনসমাগম হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মৰাণৰ সভাত ডিব্ৰুগড়ৰ আৰু যোৰহাট সংসদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীদ্বয়ক জয়যুক্ত কৰাবলৈ মোডীয়ে এই জনসভাত অংশ লৈছিল। অসমলৈ অহাৰ পূৰ্বে অৰুণাচলত গৈ মোডীয়ে আন এক জনসভাত অংশগ্ৰহণ কৰে। তিনিওখন মোডীৰ সভাতে মানুহৰ লক্ষণীয় উপস্থিতি আছিল।

The post মোডীৰ অসমৰ দুই নিৰ্বাচনী সভা! গহপুৰ লক্ষাধিক, মৰাণত অৰ্ধসহস্ৰাধিক লোকৰ অংশগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FKB7Vg
via IFTTT

Comments