সোণতলীত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ শেলোসুঁতি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীক শনিবাৰে বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়৷ জানিব পৰামতে ইতিম আলীৰ সভাপতিত্বত অনুষ্ঠিত আৰু প্ৰধান শিক্ষক আব্দুল আজিজে ব্যাখ্যা কৰা সম্বৰ্ধনা সভাখনত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জহিৰুল হক ভূঞাক শনিবাৰে আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়৷
সভাত অধ্যাপক মোজাম্মেল হক, মজনু ভূঞা, ছামছুল আলম ভূঞা, নুৰুল আমিন, বিশিষ্ট সমাজকৰ্মী আজাহাৰ আলী, আব্দুল জলিল, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় আলী আকবৰ, আতোৱাৰ ৰহমান, আব্দুল হাকিমৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷ উল্লেখ্য যে, ১৯৮৩ চনৰ এক অক্টোবৰত জহিৰুল হক ভূঞা শেলোসুঁতিৰ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল৷ সুদীৰ্ঘ ৩৬ বছৰ পাঠদান দিয়া কৃতী শিক্ষকগৰাকী শনিবাৰে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰে৷
ইফালে অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক জহিৰুল হক ভূঞাক বিদ্যালয়ৰ শিক্ষক, শিক্ষাৰ্থী-প্ৰাক্তন শিক্ষাৰ্থী লগতে শেলোসুঁতিৰ মনোঞ্জন ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা, মানপত্ৰ, শৰাই, জাপি, লাঠিৰ উপৰি বিভিন্ন উপহাৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, সভাৰ অন্তত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক লৈ শেলোসুঁতিত এক সমদলো উলিওৱা হয়৷
The post সোণতলীত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WBMjcl
via IFTTT
Comments
Post a Comment