দীৰ্ঘসময়ৰ বাবে নিৰ্বাচনী আচৰণবিধি জাৰি কৰিলে বিকাশত বাধা সৃষ্টি হয়ঃ বিজেপি নেতা

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ স্বাস্থ্য তথা ক্ৰীড়া মন্ত্ৰী অনিল বিজে দেওবাৰে মন্তব্য কৰে যে- দীৰ্ঘসময়ৰ বাবে নিৰ্বাচনী আচৰণবিধি জাৰি কৰিলে বিকাশৰ ক্ষেত্ৰত বাধা সৃষ্টি হয়। তেওঁ লগতে কয়- লোকসভা নিৰ্বাচনৰ উপৰিও হাৰিয়ানাত এই বৰ্ষৰ পাছত বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়েহে ৰাজ্যখনত পুনৰ নিৰ্বাচনী আচৰণবিধি জাৰি কৰা হ’ব। যাৰফলত উন্নয়নমূলক কাৰ্যসমূহ কৰিবলৈ অতি সময়হে পোৱা যাব। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত টুইটাৰত টুইট কৰে।
হাৰিয়ানাত ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ১২ মে’ত অনুষ্ঠিত হ’ব। কিন্তু নিৰ্বাচনৰ সকলো কাম তাৰ পূৰ্বেই বন্ধ হৈ পৰে। নিৰ্বাচনী আয়োগে ১০ মাৰ্চৰ পৰা নিৰ্বাচন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা আচৰণবিধি জাৰি কৰা হৈছে। ইফালে মন্ত্ৰী অনিল বিজে কংগ্ৰেছক কটাক্ষ কৰি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে- ‘কংগ্ৰেছ কৰ্মীসকলে নিজৰ নামৰ আগত ‘পাপ্পু’ লিখি ল’ব লাগে। আৰু ইয়াক লৈ বিজেপিৰ কোনো আপত্তি নাই।
প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা মন্ত্ৰীগৰাকীয়ে মাইক্ৰ’-ব্ল’গিং ৱেবছাইট টুইটাৰত লিখিছিল যে- ‘আমি আমাৰ নামৰ আগত চকীদাৰ লিখিছো, ইয়াক লৈ আপোনালোকৰ আপত্তি আছে। আপোনালোকেও নিজৰ নামৰ আগত ‘পাপ্পু’ লিখি লওঁক, আৰু ইয়াক লৈ কোনো আপত্তি নাই।’
The post দীৰ্ঘসময়ৰ বাবে নিৰ্বাচনী আচৰণবিধি জাৰি কৰিলে বিকাশত বাধা সৃষ্টি হয়ঃ বিজেপি নেতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OzV6IY
via IFTTT
Comments
Post a Comment