মৰাণত নগদ ৯৯হাজাৰ টকাসহ আলফা সদস্য গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মৰাণঃ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীৰ তালাচী অভিযানত শুকুৰবাৰে মাৰ্চত এজন অভাৰ গ্ৰাউণ্ড আলফা সদস্যক ৯৯ হাজাৰ ৯শ ৬০ টকাসহ এখন ট্ৰেভেলাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনী বিধি অনুসৰি এজন লোকে লগত নগদ ৫০ হাজাৰত কৈ অধিক টকা লৈ ফুৰিব নোৱাৰা অভিযোগত দিচাংমুখ আলিচিঙা গাঁৱৰ প্ৰয়াত পদ্ম শৰ্মাৰ পুত্ৰ বিষ্ণু শৰ্মা(৪১)ক এখন ট্ৰেভেলাৰ পৰা চেপন তিনিআলিত আটক কৰি সোধা-পোছা কৰোতে জোলোঙা মেকুৰী ওলাই পৰে।
উল্লেখ্য যে, আলফা অভাৰ গ্ৰাউণ্ডৰ সদস্য বিষ্ণু শৰ্মাই যোৱা ২ ফ্ৰেব্ৰুৱাৰীত মৰাণৰ মৰাণ ৰাইচ এণ্ড ফ্ৰ’ৰ মিলৰ স্বত্বাধিকাৰীক আলফাৰহৈ টকা দাবী কৰিছিল। শুকুৰবাৰে ১ লাখ টকা উক্ত ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল প্ৰচাৰীৰ পৰা লৈ যাওঁতে আৰক্ষী জালত পৰে। ইফালে ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীয়ে প্ৰথমে ঘটনাটো নহয় বুলি আৰক্ষীৰ আগত মিছা মাতিছিল যদিও আৰক্ষীয়ে ধনদাবী পত্ৰখন উদ্ধাৰ কৰাত সকলো কথা ওলাই পৰে।
মৰাণহাট আৰক্ষীয়ে ৩৬/১৯ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি), ১২১(এ)৩৮৭/ ধাৰাত গ্ৰেপ্তাৰ কৰি শনিবাৰে জিলা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰি অধিক সোধা-পোছাৰ বাবে আৰক্ষী জিম্মাত ৰাখিছে।
The post মৰাণত নগদ ৯৯হাজাৰ টকাসহ আলফা সদস্য গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CHHVRu
via IFTTT
Comments
Post a Comment